২০১৯ৰ বিশ্বকাপ ক্ৰিকেটত বেট্ছমেনৰ চিন্তাৰ কাৰণ হ’ব এই ৫গৰাকী বলাৰ!

এইবাৰৰ বিশ্বকাপ ক্ৰিকেটত কেইজনমান এনেকুৱা ফাষ্ট বলাৰ আছে, যিসকল ত্ৰাসৰ কাৰণ হ’ব পাৰে বেট্ছমেনৰ বাবে।

news18assam
Updated:May 17, 2019, 2:10 PM IST
২০১৯ৰ বিশ্বকাপ ক্ৰিকেটত বেট্ছমেনৰ চিন্তাৰ কাৰণ হ’ব এই ৫গৰাকী বলাৰ!
এইবাৰৰ বিশ্বকাপ ক্ৰিকেটত কেইজনমান এনেকুৱা ফাষ্ট বলাৰ আছে, যিসকল ত্ৰাসৰ কাৰণ হ’ব পাৰে বেট্ছমেনৰ বাবে।
news18assam
Updated: May 17, 2019, 2:10 PM IST
আই চি চি ক্ৰিকেট বিশ্বকাপত এইবাৰ হ’ব পাৰে ৰানৰ পাহাৰ। কাৰণ ফাষ্ট বলাৰে ৰিভাৰ্ছ ছুইংতকৈ অধিক উইকেট ল’বলৈ সক্ষম হোৱা নাই যিটো ৯০ৰ দশক আৰু ২০০০ৰ আৰম্ভণিতে হৈছিল।

বিগত কেইটামান বৰ্ষত এদিনীয়া মেচত ৩০০ৰ অধিক ৰান কৰাটো সাধাৰণ কথাত পৰিণত হৈছে। এইবাৰ বিশ্বকাপত ইংলেণ্ডৰ শুকান পিট্ছ আৰু গৰম বতৰ দ্ৰুতবেগী বলাৰৰ বাবে অধিক প্ৰত্যাহ্বান হ’ব পাৰে। কিন্তু এই প্ৰতিযোগিতাত কেইজনমান এনেকুৱা ফাষ্ট
বলাৰো আছে, যিসকল ত্ৰাসৰ কাৰণ হ’ব পাৰে বেট্ছমেনৰ বাবে। আহক জানো সেইকেইজন বলাৰৰ বিষয়ে।

জছপ্ৰীত বুমৰাহ (ভাৰত)
ভাৰতীয় দলে এইবাৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপ দখলৰ বাবে যুঁজত নামিব। ভাৰতীয় দলটোৰ ফাষ্ট বলাৰ জছপ্ৰীত বুমৰাহৰ ওপৰত থাকিব বিশেষ প্ৰত্যাশা। আই চি চি এদিনীয়া ৰেংকিঙত বিশ্বৰ এক নম্বৰৰ বলাৰ বুমৰাহ ডেথ অভাৰৰ বিশেষজ্ঞ হিচাপে জনাজাত। আই পি এলৰ ১২সংখ্যক সংস্কৰণত ১৬খন মেচত ১৯টা উইকেট দখল কৰি নিজৰ শক্তি প্ৰমাণ কৰিছে। শ্লো বল আৰু য়ৰ্কাৰতো আধিপত্য আছে বুমৰাহৰ।

জছপ্ৰীত বুমৰাহ (Photo-PTI)


কগিছো ৰবাডা (দক্ষিণ আফ্ৰিকা)২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাৰ পিছত কগিছো ৰবাডাই নিজৰ গতি, বাউঞ্চ আৰু ছুইঙেৰে কেইবাবাৰো বেট্ছমেনৰ মূৰৰ কামোৰণি তুলিবলৈ সক্ষম হৈছে। ইফালে, আই পি এলৰ এই ছিজনত দিল্লী কেপিটেল্ছৰ হৈ ১২খন মেচত ২৫টা উইকেট দখল কৰি অদম্য শক্তিৰ পৰিচয় দিছে। বুমৰাহৰ দৰেই য়ৰ্কাৰ পেলোৱাত পাৰ্গত ৰবাডা। পাৱাৰ প্লে’ৰ লগতে ডেথ অভাৰত বেট্ছমেনৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰে ৰবাডা।

কগিছো ৰবাডা (Photo-PTI)


মিছেল ষ্টাৰ্ক (অষ্ট্ৰেলিয়া)
২০১৫ৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ চেম্পিয়ন কৰোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছিল মিছেল ষ্টাৰ্কৰ। প্ৰতিযোগিতাত ষ্টাৰ্কে দখল কৰিছিল ২২টাকৈ উইকেট। ২০১৫ৰ বিশ্বকাপত ‘প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট’ৰ খিতাপ লাভ কৰা এইগৰাকী বলাৰে বিগত চাৰি বছৰত কেইবাবাৰো আঘাতৰ সমস্যাত ভোগাটো চিন্তাৰ কাৰণ হৈ পৰিছে দলটোৰ বাবে। প্ৰতিঘণ্টাত ১৫০ কিলোমিটাৰ গতিত বলিং কৰা ষ্টাৰ্ক হ’ব পাৰে বেট্ছমেনৰ বাবে চিন্তাৰ কাৰণ।

মিছেল ষ্টাৰ্ক (Photo-ICC)


ট্ৰেণ্ট ব’ল্ট (নিউজিলেণ্ড)
বিগত বিশ্বকাপত নিউজিলেণ্ডৰ এইগৰাকী দ্ৰুতবেগী বলাৰে ২২টা উইকেট দখল কৰি শক্তিৰ প্ৰমাণ দিছিল আৰু এইবাৰো সম্পূৰ্ণ ফৰ্মত আছে। বিশ্বৰ যিকোনো পিট্ছতে দুয়োফালে বল ঘূৰোৱাৰ ক্ষমতা আছে এইগৰাকী বলাৰৰ।

ট্ৰেণ্ট ব’ল্ট (Photo-AP)


হাছান আলী (পাকিস্তান)
পঞ্চম বলাৰৰ দৌৰত পাকিস্তানৰ দুগৰাকী বলাৰৰ মাজত প্ৰতিদ্বন্দ্বিতা আছিল। কিন্তু আমি ২০১৭ৰ আই চি চি চেম্পিয়ন্ছ ট্ৰফীত ১৩টা উইকেট দখল কৰা হাছান আলীক বাছনি কৰিছো। এইগৰাকী বলাৰে তেতিয়া ভাৰতৰ বিৰুদ্ধে পাকিস্তানক চেম্পিয়ন বনাইছিল। এইগৰাকী বলাৰে এতিয়ালৈকে ৪৪খন মেচত ৭৭টা উইকেট দখল কৰিছে। এইগৰাকী বলাৰো হ’ব পাৰে এইবাৰৰ বিশ্বকাপৰ বেট্ছমেনৰ মূৰৰ কামোৰণি।

হাছান আলী (Photo-PTI)
আৰু চাওক পৰৱৰ্তী বাতৰি