অলিম্পিকত দুবাৰকৈ স্বৰ্ণজয়ী ব্লেকৰ মুখত হিমা দাসৰ কথা, টকিঅ’ অলিম্পিকৰ পিছতে অৱসৰ ল’ব ব্লেকে

News18 Assam | News18-Assam
Updated:December 2, 2019, 7:37 PM IST
অলিম্পিকত দুবাৰকৈ স্বৰ্ণজয়ী ব্লেকৰ মুখত হিমা দাসৰ কথা, টকিঅ’ অলিম্পিকৰ পিছতে অৱসৰ ল’ব ব্লেকে
এথলীট হোৱাৰ পূৰ্বে ক্ৰিকেটত মানোনিবেশ কৰা বল্টৰ শচীন তেণ্ডুলকাৰ হৈছে প্রিয় খেলুৱৈ।

এথলীট হোৱাৰ পূৰ্বে ক্ৰিকেটত মানোনিবেশ কৰা বল্টৰ শচীন তেণ্ডুলকাৰ হৈছে প্রিয় খেলুৱৈ।

  • Share this:
২০২০ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ পিছতে অৱসৰ গ্ৰহণ কৰিব দুবাৰকৈ অলিম্পিকত স্বৰ্ণপদক বিজয়ী জামাইকাৰ এথলীট য়াহান ব্লেকে। সোমাবাৰে মুম্বাইত অনুষ্ঠিত হোৱা বিশ্ব ছিৰিজ টি–২০ৰ প্ৰমোচনৰ এক কাৰ্যসূচীত এই কথা প্ৰকাশ কৰে তাৰকাগৰাকীয়ে।

২০১২ আৰু ২০১৬ৰ অলিম্পিকত স্বৰ্ণ বিজয়ী এথলীটগৰাকীয়ে অনুষ্ঠানটোত সাংবাদিকৰ আগত কয় যে ২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকে হ’ব তেওঁৰ অন্তিম অলিম্পিক। তাৰ পিছত আৰু অনুৰাগীয়ে ট্ৰেকত দেখা নাপাব খেলুৱৈগৰাকীক। টকিঅ’ অলিম্পিকৰ ১০০ আৰু ২০০ মিটাৰত স্বৰ্ণজয়ৰ লক্ষ্যৰে অনুশীলন অব্যাহত ৰাখিছে ব্লেকে।

ব্লেকে কয় – ২০১৬ বৰ্ষৰ ৰিঅ’ অলিম্পিকৰ ভুল মই কৰিব নিবিচাৰো। উল্লেখযোগ্য যে ৰিঅ’ অলিম্পিকত ব্লেকে ব্যক্তিগত ইভেণ্টৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল। অৱসৰৰ পিছত এথলীটগৰাকীয়ে ক্ৰীড়াৰ প্ৰমোচন অথবা খেলুৱৈক প্ৰশিক্ষণৰ কাম কৰিব। যাৰ বাবে ভাৰতলৈও আহিব ব্লেক।



আনহাতে, এইবাৰ অলিম্পিকৰ ট্ৰেকত বিশ্বৰ দ্ৰুততম মানৱ তথা একে দলৰে উছেইন বল্টৰ অনুপস্থিতিয়ে খুবেই প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে ব্লেকে। বল্ট সম্পৰ্কত ব্লেকে কয় – মই জামাইকাত এনে সময়ত জন্ম হ’লো যি সময়ত বল্টৰ দৰে মহান কিংবদন্তি খেলুৱৈয়ে বিশ্বত আধিপত্য বিস্তাৰ কৰি আছিল।

প্ৰথমবাৰ ভাৰতলৈ আহি অসমৰ দৌৰৰাণী হিমা দাসৰ কথাও ক’লে তাৰকাগৰাকীয়ে। ২০১৭ বৰ্ষত অষ্ট্ৰেলিয়াৰ কমনৱেলথ গেমছত হিমাক লগ পাই আগবাঢ়ি যাবলৈ হ’লে কঠোৰ অনুশীলন অব্যাহত ৰাখিবলৈ কৈছিল বল্টে।

এথলীট হোৱাৰ পূৰ্বে ক্ৰিকেটত মানোনিবেশ কৰা বল্টৰ শচীন তেণ্ডুলকাৰ হৈছে প্রিয় খেলুৱৈ। তেণ্ডুলকাৰক লগ পালে পেছ বল কৰিলোহেঁতেন বুলিও মন্তব্য কৰে বল্টে। উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ ফেব্ৰুৱাৰীত হ’বলগীয়া বিশ্ব ছিৰিজ টি২০ৰ প্ৰমোচনৰ লগতে জাৰ্ছী মুকলি কৰাৰ উদ্দেশ্যে মুম্বাইলৈ আহিছিল বল্ট। টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিব শচীন তেণ্ডুলকাৰ, ব্ৰেট লী, ব্ৰায়ান লাৰাৰ দৰে তাৰকাই।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি