• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Virat Kohli: কিয় অধিনায়কৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত বিৰাট কোহলিৰ, কোহলিক কি পৰামৰ্শ দিলে ৰবি শাস্ত্ৰীয়ে?

Virat Kohli: কিয় অধিনায়কৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত বিৰাট কোহলিৰ, কোহলিক কি পৰামৰ্শ দিলে ৰবি শাস্ত্ৰীয়ে?

২০২৩ৰ বিশ্বকাপত কোনে নেতৃত্ব দিব ভাৰতক?

২০২৩ৰ বিশ্বকাপত কোনে নেতৃত্ব দিব ভাৰতক?

২০২৩ৰ বিশ্বকাপত কোনে নেতৃত্ব দিব ভাৰতক?

  • Share this:

বিৰাট কোহলিয়ে (Virat Kohli) অহা মাহৰ টি-২০ বিশ্বকাপৰ (T-20 World Cup) পিছত ভাৰতৰ টি-২০ অধিনায়কৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ বেটিং ফৰ্ম শক্তিশালী কৰিবলৈ এই সিদ্ধান্ত লৈছে বুলি ইতিমধ্যে বিভিন্নজনে মত প্ৰকাশ কৰিছে। কিন্তু এইটোৱে ইংগিত দিয়ে যে তেওঁ এদিনীয়াতো একেধৰণৰ সিদ্ধান্ত ল'ব পাৰে।


কোহলিয়ে কৈছে যে তেওঁ টেষ্ট আৰু এদিনীয়াত অধিনায়ক হৈ থাকিব, কিন্তু কোনেও স্পষ্টকৈ ক'ব নোৱাৰে যে তেওঁ ২০২৩ চনৰ বিশ্বকাপত ভাৰতৰ এদিনীয়া দলৰ অধিনায়ক হৈ থাকিব। অৱশ্যে চাপ কমাবলৈকো তেওঁ টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰাৰ কথা নুই কৰিব নোৱাৰি।


কিন্তু ২০২৩ চনৰ ভিতৰত ভাৰতীয় দলৰ সময়সূচীলৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয় যে বিশ্বকাপৰ উপৰি দলটোৱে প্ৰায় ২০খন দ্বিপাক্ষিক টি-২০ মেচ খেলিব লাগিব।


বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, বিৰাটে ভালদৰে জানে যে যদি দলটোৱে ইউএইত অনুষ্ঠিত টি-২০ বিশ্বকাপত ভাল প্ৰদৰ্শন নকৰে, তেন্তে তেওঁক সীমিত অভাৰৰ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনা আছে। সীমিত অভাৰৰ অধিনায়কত্বৰ ক্ষেত্ৰত তেওঁৰ এই সিদ্ধান্ত সঠিক ৰূপেই বিবেচিত হৈছে।


কোহলিয়ে নিজৰ ওপৰত থকা অধিনায়কত্বৰ চাপ কমাই ভাল প্ৰদৰ্শনৰ বাবেই এই সিদ্ধান্ত লৈছে। যদি টি-২০ত কোহলিৰ ভাল প্ৰদৰ্শন হ্ৰাস পায়, তেন্তে ৫০ অভাৰৰ খেলতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অদূৰ ভৱিষ্যতে বিচিচিআয়ে কোহলিৰ পৰা এদিনীয়া অধিনায়কৰ পদ কাঢ়ি লোৱাটোও আচৰিত বিষয় নহয়। টি-২০ বিশ্বকাপত ট্ৰফী জিকিবলৈ ব্যৰ্থ হোৱাৰ পিছত কোহলিয়ে কেৱল বেটছমেন হিচাপে এদিনীয়াত প্ৰৱেশ কৰিব লগা হ'ব পাৰে।


ইপিনে ড্ৰেছিং ৰুমৰ বাহিৰে-ভিতৰে খেলুৱৈসকলৰ মাজত ভাৰতীয় দলৰ উপ-অধিনায়ক ৰোহিত শৰ্মা সমানেই জনপ্ৰিয়। ৰোহিত শৰ্মাই যুৱ খেলুৱৈসকলক অধিক সুযোগ দিব বিচাৰে আৰু আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ক্ষেত্ৰত সেয়া পৰিলক্ষিত হৈছে।  ইপিনে দ্বিতীয় সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত বিৰাট কোহলিক ৰবি শাস্ত্ৰীয়ে অধিনায়ক পদতকৈ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড অতিক্ৰম কৰাৰ চেষ্টাতহে ব্ৰতী হ'বলৈ উপদেশ দিছে।

Published by:Gautam Barman
First published: