বীৰেন্দ্ৰ ছেহৱাগৰ ১২ বছৰ পূৰ্বৰ দুটা ভৱিষ্যতবাণী, এটা পূৰণ হ’ল, আনটো এতিয়াও বাকী‘ সেইসময়ত দক্ষিণ আফ্ৰিকাত আছিল ছেহৱাগ

সৌৰভ গাংগুলী বিচিচিআইৰ অধ্যক্ষ নিৰ্বাচিত হোৱাত অত্যন্ত সুখী ভাৰতৰ প্ৰাক্তন বিস্ফোৰক অপেনাৰ জন

News18-Assam
Updated:October 31, 2019, 4:18 PM IST
বীৰেন্দ্ৰ ছেহৱাগৰ ১২ বছৰ পূৰ্বৰ দুটা ভৱিষ্যতবাণী, এটা পূৰণ হ’ল, আনটো এতিয়াও বাকী‘ সেইসময়ত দক্ষিণ আফ্ৰিকাত আছিল ছেহৱাগ
সৌৰভ গাংগুলী বিচিচিআইৰ অধ্যক্ষ নিৰ্বাচিত হোৱাত অত্যন্ত সুখী ভাৰতৰ প্ৰাক্তন বিস্ফোৰক অপেনাৰ জন
News18-Assam
Updated: October 31, 2019, 4:18 PM IST




ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ হ’ল সৌৰভ গাংগুলী। যোৱা ২৩ অক্টোবৰত গাংগুলীয়ে আনুষ্ঠানিক ভাবে গ্ৰহণ কৰিলে কাৰ্যভাৰ। ইমানলৈকে সকলো থিকেই আছিল। কিন্তু শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফোৰক অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগৰ এটা টুইটে লাভ কৰিছে ব্যাপক চৰ্চা। বিৰেন্দ্ৰ ছেহৱাগৰ ১২ বছৰ পুৰণি এটি সপোন। ১২ বছৰ পূৰ্বে ছেহৱাগে দেখা সপোন আদি দিঠক হ’ল। পিছে কি আছিল ছেহৱাগৰ সপোন?


‘দাদা ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱা বুলি যেতিয়া প্ৰথম শুনিছিলো, সেই মূহুৰ্তত ২০০৭ চনৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ কথা মনত পৰি গৈছিল’। দাদা এদিন BCCI ৰ অধ্যক্ষ হ’ব বুলি তেতিয়াই ভৱিষ্যতবাণী কৰিছিলো। আজি সঁচা প্ৰমাণিত হ’ল সপোন। দাদা এদিন পশ্চিম বংগৰ মুখ্যমন্ত্ৰীও হ’ব’ – এই মন্তব্য ছেহৱাগৰ।






 ছেহৱাগে লগতে লিখে –  ‘কেপটাউন টেষ্ট চলি আছিল। মেচখনত মই আৰু ৱাছিম জাফাৰ সোনকালেই আউট হৈছিলো। আমাৰ পিছতে টেণ্ডুলাকাৰে বেটিং কৰাৰ কথা আছিল, যদিও যাব লগীয়া হ’ল গাংগুলী।‘সেইদিনা তেওঁ কোনো চাপ নোলোৱাকৈয়ে দলৰ বিপদৰ সময়ত যিদৰে খেলিছিল, সেয়া একমাত্ৰ তেওঁৰ বাবেহে সম্ভৱ।’


 ছেহৱাগে লগতে লিখে ‘  সেইদিনা আমি সকলোৱে ড্ৰেছিং ৰুমত আলোচনা কৰিছিলো যে আমাৰ মাজৰ যদি কোনোবা বি চি চি আইৰ অধ্যক্ষ হ’ব পাৰে, তেন্তে সেয়া হ’ল দাদা।’
আৰু চাওক পৰৱৰ্তী বাতৰি