কোহলীয়ে কয় যে তেওঁ খেলপথাৰত নিজৰ সকলো উজাৰি দিয়ে আৰু তেওঁৰ এনাৰ্জী লেভেল সদায় তুংগত থাকে।
কোহলীয়ে কয় যে তেওঁ খেলপথাৰত নিজৰ সকলো উজাৰি দিয়ে আৰু তেওঁৰ এনাৰ্জী লেভেল সদায় তুংগত থাকে।
শেহতীয়াকৈ ক্ৰিকেট বিশ্ব মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ কেৰিয়াৰক লৈ কি সিদ্ধান্ত লয় তাৰ ওপৰত দৃষ্টি নিবদ্ধ আছিল সকলোৰে। ধোনীয়ে প্ৰায় ৯ মাহ ধৰি আঁতৰি আছে আন্তঃৰাষ্ট্রীয় ক্ৰিকেটৰ পৰা। ধোনীয়ে সন্যাসক লৈ চলিছিল গৰম চৰ্চা।
কিন্তু ধোনী নহয়, এতিয়া কোহলীক লৈহে চলিছে গৰম চৰ্চা। ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন কেভিন পিটাৰছনৰ সৈতে ইনষ্টাগ্ৰামত হোৱা বাৰ্তালাপত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলীয়ে কেতিয়া ক্ৰিকেটক বিদায় জনাব সেই কথা নিজেই কৈ পেলালে।
পিটাৰছনে লাইভ চাটত বিৰাট কোহলীক ক্ৰিকেট আৰু নিজৰ ব্যক্তিগত জীৱনক লৈ কেইবাটাও প্ৰশ্ন সুধিছিল। এই বাৰ্তালাপত কোহলীয়ে প্ৰতিখন মেচতে কিদৰে নিজকে আত্মনিয়োগ কৰে সেই কথা উল্লেখ কৰে। কোহলীয়ে কয় যে তেওঁ খেলপথাৰত নিজৰ সকলো উজাৰি দিয়ে আৰু তেওঁৰ এনাৰ্জী লেভেল সদায় তুংগত থাকে।
কোহলীয়ে কয় যে আপুনি মহেন্দ্ৰ সিং ধোনীক সুধিব পাৰে, যেতিয়া তেওঁৰ নেতৃত্বত মই খেলিছিলো, তেতিয়া প্ৰতিটো অভাৰতে তেওঁৰ সৈতে আলোচনা কৰিছিলো যে আমি এইটো কৰিব পাৰো, সেইটো কৰিব পাৰো ইত্যাদি।
এই বাৰ্তালাপত বিৰাট কোহলীয়ে কয় – মই ক্ৰিকেটৰ লাভ উঠাবলৈ ভাল পাওঁ। প্ৰতিটো বলতে মই ১২০ শতাংশ দিওঁ। খেলৰ নিজৰ সৰ্বস্ব উজাৰি দিওঁ। মই নিজকে প্ৰতিশ্ৰুতি দিছো যে যিদিনাই মই ভাবিম যে মই এইধৰণে খেলিব পৰা নাই, তেতিয়াই ক্ৰিকেটক বিদায় দিম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|