কোহলীৰ অভিলেখ, আটাইতকৈ দ্ৰুততাৰে ৫০খন এদিনীয়াত জয়লাভ কৰা ভাৰতীয় অধিনায়ক

বিশ্বকাপত ভাৰতৰ অপেনিং মেচত শতৰান অৰ্জন কৰা চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হ’ল ৰোহিত শৰ্মা।

news18assam
Updated:June 6, 2019, 12:59 PM IST
কোহলীৰ অভিলেখ, আটাইতকৈ দ্ৰুততাৰে ৫০খন এদিনীয়াত জয়লাভ কৰা ভাৰতীয় অধিনায়ক
বিশ্বকাপত ভাৰতৰ অপেনিং মেচত শতৰান অৰ্জন কৰা চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হ’ল ৰোহিত শৰ্মা।
news18assam
Updated: June 6, 2019, 12:59 PM IST
চলিত বিশ্বকাপৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰিলে ভাৰতে। অধিনায়ক হিচাপে বিৰাট কোহলীৰ এয়া ৫০সংখ্যক বিজয়। আটাইতকৈ কম মেচ খেলি ৫০খন এদিনীয়াত বিজয় সাব্যস্ত কৰা প্ৰথমজন ভাৰতীয় অধিনায়ক কোহলী। ৬৯খন মেচতে এই অভিলেখ গঢ়িলে বিৰাটে। ইফালে, ৫০খন এদিনীয়াত বিজয় সাব্যস্ত কৰা চতুৰ্থজন ভাৰতীয় অধিনায়ক হ’ল কোহলী। অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীয়ে ১১০খন, মহম্মদ আজাহাৰউদ্দিনে ৯০খন আৰু সৌৰভ গাংগুলীয়ে ৭৬খন মেচত বিজয় সাব্যস্ত কৰিছে।

ইফালে, বিশ্বকাপত ভাৰতৰ অপেনিং মেচত শতৰান অৰ্জন কৰা চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হ’ল ৰোহিত শৰ্মা। তেওঁৰ পূৰ্বে ২০১১ চনত শচীন তেণ্ডুলকাৰ, ২০১৫ চনত বীৰেন্দ্ৰ ছেহৱাগ আৰু ২০১৫ চনত বিৰাট কোহলীয়ে অৰ্জন কৰিছিল শতৰান। আটাইতকৈ দ্ৰুতগতিত ৫০খন এদিনীয়াত বিজয় সাব্যস্ত কৰা বিশ্বৰ তৃতীয়জন অধিনায়ক হিচাপে পৰিগণিত বিৰাট কোহলী। তেওঁ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ভিভিয়ান ৰিচাৰ্ডছক পিছ পেলাই এই অভিলেখ সৃষ্টি কৰে। এইক্ষেত্ৰত কোহলীতকৈ আগত আছে ৱেষ্ট ইণ্ডিজৰ ক্লাইভ লয়ড, অষ্ট্ৰেলিয়াৰ ৰিকী পণ্টিং আৰু দক্ষিণ আফ্ৰিকাৰ হান্সি ক্ৰ’নি।

আটাইতকৈ কম মেচত ৫০ এদিনীয়াত জয়লাভ কৰা অধিনায়কমেচ অধিনায়ক

মেচ অধিনায়ক দেশ
৬৩ ক্লাইভ লয়ড ৱেষ্ট ইণ্ডিজ
৬৩ ৰিকী পণ্টিং অষ্ট্ৰেলিয়া
৬৮ হান্সি ক্ৰ’নি দক্ষিণ আফ্ৰিকা
৬৯ বিৰাট কোহলী ভাৰত
৭০ ভিভিয়ান ৰিচাৰ্ডছ ৱেষ্ট ইণ্ডিজ

 
আৰু চাওক পৰৱৰ্তী বাতৰি