বিৰাট কোহলীৰ কি দুৰ্দান্ত ফিল্ডিং, বিপজ্জনক কিৱি বেটছমেনক কিদৰে পঠিয়ালে পেভিলিয়নলৈ, চাওক Video

News18 Assam | News18-Assam
Updated:February 5, 2020, 3:59 PM IST
বিৰাট কোহলীৰ কি দুৰ্দান্ত ফিল্ডিং, বিপজ্জনক কিৱি বেটছমেনক কিদৰে পঠিয়ালে পেভিলিয়নলৈ, চাওক Video
ছচিয়েল মিডিয়াত একাংশই জণ্টি ৰোডছৰ সৈতে তুলনা কৰিছে কোহলীক।

ছচিয়েল মিডিয়াত একাংশই জণ্টি ৰোডছৰ সৈতে তুলনা কৰিছে কোহলীক।

  • Share this:
বিৰাট কোহলীৰ বিধ্বংসী বেটিঙৰ কথা সকলোৱে জানে, কিন্তু বিশ্বৰ আটাইতকৈ ভাল ফিল্ডাৰসকলৰ মাজৰো এজন কোহলী। হেমিল্টনত ইয়াৰ প্ৰমাণ দিলে কোহলীয়ে। নিউজীলেণ্ডৰ বেটছমেন হেনৰী নক’ল্ছক প্ৰথমখন এদিনীয়াত যিদৰে ৰান আউট কৰিলে, তাক লৈ এতিয়া চৌদিশে চলিছে চৰ্চা। ছচিয়েল মিডিয়াত একাংশই জণ্টি ৰোডছৰ সৈতে তুলনা কৰিছে কোহলীক।

নিউজীলেণ্ডৰ ইনিংছৰ ২৯ অভাৰত কোহলীয়ে দেখুৱালে এই পৰাক্ৰম। বুমৰাহৰ তৃতীয়টো বলত ৰছ টেলাৰ আৰু হেনৰী নিক’ৰ্ছে এক ৰান লোৱাৰ চেষ্টা কৰিছিল, যাৰ পৰিণতি ভুগিবলগীয়া হ’ল দলটোৱে। ৰান লোৱাৰ চেষ্টা চলোৱাৰ সময়তে কভাৰত থকা কোহলীয়ে দ্ৰুতগতিত বলটো কৰায়ত্ত কৰি ডাইভ মাৰি দলিয়ালে উইকেটলৈ। বল পোনে পোনে গৈ লাগিল ষ্টাম্পত। যাৰ ফলত হেনৰী নিক’ল্ছ ৭৮ ৰানত ৰান আউট হ’বলগীয়া হয়।

আৰু চাওক
পৰৱৰ্তী বাতৰি