বিশ্ব ক্ৰিকেটত বিৰাট কোহলীৰ নামত অন্য এক অভিলেখ!

News18-Assam
Updated:November 23, 2019, 10:51 AM IST
বিশ্ব ক্ৰিকেটত বিৰাট কোহলীৰ নামত অন্য এক অভিলেখ!
কেৰিয়াৰৰ ৫৩খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত কোহলীৰ কৃতিত্ব অৰ্জন

কেৰিয়াৰৰ ৫৩খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত কোহলীৰ কৃতিত্ব অৰ্জন

  • News18 Assam
  • Last Updated: November 23, 2019, 10:51 AM IST
  • Share this:
ইটোৰ পিছত সিটো অভিলেখ  নিজৰ নামত লিখিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।  কেপ্টেইন হিচাপে এইবাৰ অন্য এখ কৃতিত্বৰ অধিকাৰী হ’ল বিৰাট কোহলী। অধিনায়ক হিচাপে কেৰিয়াৰৰ ৫৩ টেষ্টতে কোহলীয়ে নিজৰ নামত লিখিলে এই অভিলেখ।

কেপ্টেইন হিচাপে বিৰাট কোহলীয়ে দ্ৰুতগতিত সম্পন্ন কৰিলে ৫,০০০ ৰাণ। শুকুৰবাৰৰ পৰা কলিকতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ভাৰত বাংলাদেশৰ মাজত প্ৰথমখন দিবা–নৈশ টেষ্ট মেচত কোহলীয়ে ৩২ ৰান সংগ্ৰহ কৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই অভিলেখ গঢ়ে অধিনায়ক কোহলীয়ে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ নামত আছিল এই অভিলেখ।

আৰু চাওক
পৰৱৰ্তী বাতৰি