বৰ্ষাপাৰা ষ্টেডিয়ামত গুঞ্জৰিত দেশপ্ৰেম, অনন্য অভিজ্ঞতাৰ সাক্ষী হ’ল বিৰাট কোহলী, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 6, 2020, 9:40 AM IST
বৰ্ষাপাৰা ষ্টেডিয়ামত গুঞ্জৰিত দেশপ্ৰেম, অনন্য অভিজ্ঞতাৰ সাক্ষী হ’ল বিৰাট কোহলী, চাওক VIDEO
Photo : Twitter video grab

দেওবাৰে গুৱাহাটীত ভাৰত–শ্ৰীলংকাৰ T-20 খেলৰ পূৰ্বে সমগ্ৰ ষ্টেডিয়ামত গুঞ্জৰিত হ’ল দেশপ্ৰেমৰ গীত।

  • Share this:
দেশপ্ৰেম কেৱল এটা শব্দ নহয়, এয়া এক আবেগ, এক অনন্য অনুভূতি। এই আবেগ যিদৰে জোৰ কৰি অনা নাযায়, সেইদৰে জোৰ কৰি দমাই ৰাখিবও নোৱাৰি। তাতে আকৌ ক্ৰিকেটৰ সৈতে দেশপ্ৰেমৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ বছৰ বছৰ ধৰি চলি আহিছে। সেয়া আকৌ প্ৰমাণিত হ’ল গুৱাহাটীত।

দেওবাৰে গুৱাহাটীত ভাৰত–শ্ৰীলংকাৰ T-20 খেলৰ পূৰ্বে সমগ্ৰ ষ্টেডিয়ামত গুঞ্জৰিত হ’ল দেশপ্ৰেমৰ গীত। ‘বন্দে মাতৰম’ ধ্বনিৰে ৰজনজনাই গ’ল সমগ্ৰ বৰ্ষাপাৰা ষ্টেডিয়াম। হাজাৰ হাজাৰ দৰ্শকে ম’বাইলৰ ফ্লেছ লাইট জ্বলাই, থিয় হৈ গালে ‘বন্দে মাতৰম’। সেই সময়তে ষ্টেডিয়ামলৈ সোমাই আহিছিল টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী। দৰ্শকৰ দেশপ্ৰেম, আবেগ, উৎসাহ দেখি আপ্লুত হোৱা দেখা গ’ল কোহলীক।

চাওক ভিডিঅ’ :


অৱশ্যে বৰষুণৰ বাবে শৃংখলাৰ প্ৰথমখন মেচ বাতিল কৰিবলগীয়া হয়। অসম ক্ৰিকেট সন্থাৰ দায়িত্বহীন কাণ্ডৰ বাবে পিট্ছ অনুপযুক্ত হৈ পৰাত বাতিল কৰিবলগীয়া হয় খেলখন। ফটা টাৰ্প’লিনেৰে পিট্ছ ঢাকি ৰখাৰ ফলত পানী সোমাই নষ্ট হয় পিট্ছ। যাৰ বাবে বাতিল হয় ভাৰত–শ্ৰীলংকাৰ মাজৰ T-20 মেচখন।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি