নৱম শ্ৰেণীত অনুত্তীৰ্ণ ক্ৰিকেটাৰ আজি ভাৰতীয় দলৰ ‘তাৰকা’

আৰ্থিক অনাটনৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল হাৰ্ডিক পাণ্ডিয়া। টকাৰ অভাৱ হোৱাত কেতিয়াবা মেগী খায়ে থাকিবলগা হৈছিল বুলি এক সাক্ষাৎকাৰত কয় তাৰকা ক্ৰিকেটাৰজনে।

news18assam
Updated:April 27, 2019, 1:31 PM IST
নৱম শ্ৰেণীত অনুত্তীৰ্ণ ক্ৰিকেটাৰ আজি ভাৰতীয় দলৰ ‘তাৰকা’
নৱম শ্ৰেণীত অনুত্তীৰ্ণ ক্ৰিকেটাৰ আজি ভাৰতীয় দলৰ ‘তাৰকা’
news18assam
Updated: April 27, 2019, 1:31 PM IST
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম তাৰকা খেলুৱৈ হ’ল হাৰ্ডিক পাণ্ডিয়া। বেটিং, বলিঙত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতীয় দলত স্থানত সবল কৰিবলৈ সক্ষম হৈছে ২৫ বছৰীয়া ক্ৰিকেটাৰজন। অৱশ্য ক্ৰিকেট জগতত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা হাৰ্ডিক পাণ্ডিয়া পঢ়া–শুনাৰ ক্ষেত্ৰত ইমান ভাল নাছিল। নৱম শ্ৰেণীত অনুত্তীৰ্ণ হোৱাৰ পিছতে শিক্ষা জীৱন ত্যাগ কৰে হাৰ্ডিক পাণ্ডিয়াই।

শিক্ষা জীৱন এৰি ক্ৰিকেটত সৰ্বস্ব উজাৰি দি হাৰ্ডিক পাণ্ডিয়াই এই কথা প্ৰমাণ কৰিলে যে নৱম শ্ৰেণীত অনুত্তীৰ্ণ হৈছে কিন্তু জীৱনত বিফল নহয় তেওঁ। হাৰ্ডিক পাণ্ডিয়াই এতিয়া বছৰি উপাৰ্জন কৰে কোটি টকা। আই পি এলত মুম্বাই ইণ্ডিয়ান্ছৰ হৈ খেলাৰ বাবে ১১ কোটি টকাকৈ লাভ কৰে হাৰ্ডিক পাণ্ডিয়াই। লগতে বিজ্ঞাপনৰ বাবেও পায় বহু টকা।

হাৰ্ডিকৰ পিতৃ হিমাংশু পাণ্ডিয়াই ব্যৱসায় কৰিছিল গুজৰাটৰ ছুৰাটত। ১৯৯৮ত এই ব্যৱসায় বন্ধ কৰিবলগা হোৱাত বডোদৰালৈ যায়, তাৰ পিছতে বড়োডাত ভাৰাঘৰত থাকিবলৈ লয়। ক্ৰিকেট খেল খুব ভাল পাইছিল হাৰ্ডিকৰ পিতৃ হিমাংশু পাণ্ডিয়াই আৰু ২ পুত্ৰক লগত লৈ মেচ চাবলৈ যায়, কেতিয়াবা পুত্ৰক ফিল্ডত খেলিবলৈও লৈ গৈছিল হিমাংশু পাণ্ডিয়াই। এই সময়ছোৱাতে ক্ৰিকেটৰ প্ৰতি আগ্ৰহ বাঢ়ে হিমাংশু পাণ্ডিয়াৰ দুই পুত্ৰৰ। পিছত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়ে পিতৃয়ে।

আৰ্থিক অনাটনৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল হাৰ্ডিক পাণ্ডিয়া। টকাৰ অভাৱ হোৱাত কেতিয়াবা মেগী খায়ে থাকিবলগা হৈছিল বুলি এক সাক্ষাৎকাৰত কয় তাৰকা ক্ৰিকেটাৰজনে। হাৰ্ডিক পাণ্ডিয়া তেওঁৰ ভাত কুণাল গোটেই দিন খেলপথাৰতে কটাইছিল।

২০১৬ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি–২০ত অভিষেক ঘটে হাৰ্ডিক পাণ্ডিয়াৰ। সেই বছৰতে ভাৰতৰ হৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সুযোগ পায় হাৰ্ডিক পাণ্ডিয়াই। তাৰ পিছৰ বছৰতে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় দলত স্থান লাভ কৰি সুযোগৰ সদব্যৱহাৰ কৰে হাৰ্ডিকে।
আৰু চাওক পৰৱৰ্তী বাতৰি