১৯ বছৰ অনূৰ্ধ্বৰ ক্ৰিকেট বিশ্বকাপত প্ৰথমবাৰলৈ চেম্পিয়ন বাংলাদেশ, ভাৰতৰ আশাত চেঁচাপানী

News18 Assam | News18-Assam
Updated:February 10, 2020, 7:31 AM IST
১৯ বছৰ অনূৰ্ধ্বৰ ক্ৰিকেট বিশ্বকাপত প্ৰথমবাৰলৈ চেম্পিয়ন বাংলাদেশ, ভাৰতৰ আশাত চেঁচাপানী
বৰষুণৰ বাবে ডাৰ্কৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ৪২.১ অভাৰত ১৭০ ৰান কৰি ফাইনেল খেলখনত বিজয় সাব্যস্ত কৰে বাংলাদেশে। ২৩টা বল বাকী থকা অৱস্থাতে লক্ষ্যত উপনীত হয় বাংলাদেশ।

বৰষুণৰ বাবে ডাৰ্কৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ৪২.১ অভাৰত ১৭০ ৰান কৰি ফাইনেল খেলখনত বিজয় সাব্যস্ত কৰে বাংলাদেশে। ২৩টা বল বাকী থকা অৱস্থাতে লক্ষ্যত উপনীত হয় বাংলাদেশ।

  • Share this:
বাংলাদেশৰ ক্ৰিকেট ইতিহাসত ২০২০ চনৰ ৯ ফেব্ৰুৱাৰীৰ দিনটো এক স্মৰণীয় দিন হৈ ৰ’ব। প্ৰথমবাৰলৈ ১৯ বছৰ অনূৰ্ধ্বৰ ক্ৰিকেট বিশ্বকাপত চেম্পিয়ন হ’ল বাংলাদেশ। এয়া বাংলাদেশৰ ক্ৰিকেট ইতিহাসত প্ৰথমটো বিশ্বকাপৰ খিতাপ। ইয়াৰ পূৰ্বে বাংলাদেশৰ ছিনিয়ৰ দল বা মহিলা দলেও কোনো বিশ্বকাপ দখল কৰিবলৈ সক্ষম হোৱা নাই।

আকবৰ আলী নেতৃত্বাধীন বাংলাদেশ দলে ফাইনেল খেলখনত ভাৰতক ৩ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰলৈ ১৯ বছৰ অনূৰ্ধ্বৰ বিশ্বকাপ হস্তগত কৰে। ভাৰতীয় দলটোৱে পঞ্চমবাৰলৈ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন দেখিছিল যদিও সেই সপোন পূৰণ নহ’ল। ভাৰতীয় দলটোৱে ফাইনেলৰ পূৰ্বে টুৰ্ণামেণ্টত নিজৰ আটাইকেইখন মেচতে জয়ী হৈছিল। আটাইকেইখন মেচত বিজয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষত আছিল ভাৰত। কিন্তু ফাইনেলত ভাৰতৰ আশাত চেঁচাপানী পেলালে বাংলাদেশে।

বৰষুণৰ বাবে ডাৰ্কৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ৪২.১ অভাৰত ১৭০ ৰান কৰি ফাইনেল খেলখনত বিজয় সাব্যস্ত কৰে বাংলাদেশে। ২৩টা বল বাকী থকা অৱস্থাতে লক্ষ্যত উপনীত হয় বাংলাদেশ।

টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল বাংলাদেশে। প্ৰথমে বেটিং কৰি সম্পূৰ্ণ ৫০ অভাৰ খেলিবলৈ সক্ষম নোহোৱা ভাৰতীয় দলটোৱে ৪৭.২ অভাৰত ১৭৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ ৮জনকৈ বেটছমেনে চুব নোৱাৰিলে দহকৰ ঘৰ।

প্ৰত্যুত্তৰত বাংলাদেশে অপেনাৰ পাৰভেজ হুছেইন এমনৰ ৪৭ আৰু আকবৰ আলীৰ ৪৩ ৰানৰ সহায়ত ৩ উইকেটত জয়লাভ কৰে খেলখনত। বিজয়ৰ বাবে ১৫ ৰান বাকী থকাৰ সময়তে বৰষুণ অহাত দলটোক ৩০ বলত ৭ ৰানৰ লক্ষ্য বান্ধি দিয়া হৈছিল। বৰষুণৰ পিছতে সহজতে এই লক্ষ্যত উপনীত হয় বাংলাদেশ।
আৰু চাওক
পৰৱৰ্তী বাতৰি