তিনিখন মেচত অংশগ্ৰহণ কৰিব ভাৰতৰ ১৭ বছৰ অনূৰ্ধ্ব মহিলা দলটোৱে। ২ নৱেম্বৰত গুৱাহাটীত হ’ব বিশ্বকাপৰ প্ৰথমখন মেচ।
ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আন এক সুখবৰ। খেলো ইণ্ডিয়াৰ পিছত গুৱাহাটীত অনুষ্ঠিত হ’ব ১৭ বছৰ অনূৰ্ধ্বৰ মহিলা বিশ্বকাপ ফুটবলৰ খেল। ২ৰ পৰা ২১ নৱেম্বৰলৈ ভাৰতত হ’বলগীয়া জুনিয়ৰ মহিলা বিশ্বকাপ ফুটবলৰ ৬খন খেল অনুষ্ঠিত হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত।
ইয়াৰে তিনিখন মেচত অংশগ্ৰহণ কৰিব ভাৰতৰ ১৭ বছৰ অনূৰ্ধ্ব মহিলা দলটোৱে। ২ নৱেম্বৰত গুৱাহাটীত হ’ব বিশ্বকাপৰ প্ৰথমখন মেচ। ঘৰুৱা দল হোৱাৰ বাবে ভাৰতে বিশ্বকাপ খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কিন্তু ভাৰতীয় দলটোৱে কাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব সেই বিষয়ে এতিয়ালৈ ফিফাই প্ৰকাশ কৰা নাই সূচী।
গুৱাহাটীৰ লগতে নবী মুম্বাই, আহমেদাবাদ, ভুৱনেশ্বৰ আৰু কলকাতাত হ’ব বাকী মেচসমূহ।২০২০ বৰ্ষৰ ১৭ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ফুটবলৰ অন্তিমখন মেচ হ’ব মুম্বাইৰ ডি ৱাই পেটেল ষ্টেডিয়ামত ২১ নৱেম্বৰত। ১৭ নৱেম্বৰত ছেমি ফাইনেল মেচ হ’ব দুটা স্থানত। ইয়াৰ পূৰ্বে গুৱাহাটীত ২০১৭ বৰ্ষত অনুষ্ঠিত হৈছিল ১৭ বছৰ অনূৰ্ধ্ব যুৱ বিশ্বকাপ ফুটবলৰ মেচ। এই খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|