বিগত সময়ত দেশত অনুষ্ঠিত হোৱা আই চি চি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত কেন্দ্ৰীয় চৰকাৰে কৰ ৰাহি নকৰাৰ বাবে বি চি চি আইৰ ওপৰত অসন্তুষ্ট হৈছে ক্ৰিকেট বিশ্বৰ সৰ্বোচ্চ সংগঠনটো।
বিগত সময়ত দেশত অনুষ্ঠিত হোৱা আই চি চি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত কেন্দ্ৰীয় চৰকাৰে কৰ ৰাহি নকৰাৰ বাবে বি চি চি আইৰ ওপৰত অসন্তুষ্ট হৈছে ক্ৰিকেট বিশ্বৰ সৰ্বোচ্চ সংগঠনটো।
গভীৰ অনিশ্চয়তাত ভাৰতবৰ্ষত ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্ৰিকেট। কোভিড–১৯ কোৰোণা ভাইৰাছৰ বাবে নহয়, আই চি চিৰ অসন্তুষ্টিৰ বাবে অনিশ্চয়তাই দেখা দিছে ভাৰতবৰ্ষত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট প্ৰতিযোগিতাখনক লৈ। বিগত সময়ত দেশত অনুষ্ঠিত হোৱা আই চি চি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত কেন্দ্ৰীয় চৰকাৰে কৰ ৰাহি নকৰাৰ বাবে বি চি চি আইৰ ওপৰত অসন্তুষ্ট হৈছে ক্ৰিকেট বিশ্বৰ সৰ্বোচ্চ সংগঠনটো।
এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুযায়ী, বিগত কেইদিনমানত আই চি চি আৰু বি চি চি আইৰ শীৰ্ষ কৰ্মকৰ্তাৰ মাজত এই কৰ ৰাহি সম্পৰ্কত বাৰ্তালাপ হৈছিল। সেই বাৰ্তালাপতে আই চি চিয়ে বি চি চি আইক কৰ ৰাহি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সৈমান কৰাবলৈ অনুৰোধ জনাইছিল। কাৰ্যত সেয়া হৈ নুঠাত টি-২০ বিশ্বকাপখনৰ আয়োজনক লৈ গভীৰ অনিশ্চয়তাই দেখা দিছে।
উল্লেখযোগ্য যে ২০১৬ চনত ভাৰতবৰ্ষত অনুষ্ঠিত ক্ৰিকেট খেলত কেন্দ্ৰীয় চৰকাৰে কৰ ৰাহি নকৰাৰ বাবে আই চি চিয়ে ২০-৩০ মিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হৈছিল। ২০২১ চনৰ আই চি চি টি-২০ বিশ্বকাপ ভাৰতবৰ্ষত অনুষ্ঠিত হ’লে তাৰে কেইবাখনো খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামতো অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|