মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Shaili Singh: অনূৰ্ধ্ব–২০ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত শৈলী সিঙৰ ৰূপৰ পদক, হিমা দাসে জনালে অভিনন্দন

Shaili Singh: অনূৰ্ধ্ব–২০ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত শৈলী সিঙৰ ৰূপৰ পদক, হিমা দাসে জনালে অভিনন্দন

News18 Assam | News18-Assam
Updated:August 22, 2021, 11:14 PM IST
Shaili Singh: অনূৰ্ধ্ব–২০ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত শৈলী সিঙৰ ৰূপৰ পদক, হিমা দাসে জনালে অভিনন্দন
মাত্ৰ এক ছেণ্টিমিটাৰৰ বাবে শৈলীয়ে স্বৰ্ণ জয়ৰ পৰা আঁতৰি থাকিবলগীয়া হয়।

মাত্ৰ এক ছেণ্টিমিটাৰৰ বাবে শৈলীয়ে স্বৰ্ণ জয়ৰ পৰা আঁতৰি থাকিবলগীয়া হয়।

  • Share this:

জুনিয়ৰ বিশ্ব এথলেটিকছত মহিলাৰ লং জাম্পত ৰূপৰ পদক জয় কৰিলে ভাৰতৰ এথলীট শৈলী সিঙে। এই পদক লাভৰ জৰিয়তে ভাৰতে জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত তৃতীয় পদক লাভেৰে অভিযান সমাপ্ত কৰে। কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ লং জাম্পৰ ফাইনেলত ৬.৫৯ মিটাৰ জঁপিয়াই শৈলীয়ে। চুইডেনৰ মাজা আস্কাগে ৬.৬০ মিটাৰ জঁপিয়াই স্বৰ্ণ জয় কৰিছিল।


মাত্ৰ এক ছেণ্টিমিটাৰৰ বাবে শৈলীয়ে স্বৰ্ণ জয়ৰ পৰা আঁতৰি থাকিবলগীয়া হয়। শৈলীয়ে দেওবাৰে কোৱালিফায়িং ৰাউণ্ডৰ শীৰ্ষৰ পৰা ফাইনেলত প্ৰৱেশ কৰিছিল। ঝান্সিৰ বাসিন্দা শৈলীয়ে চাৰে তিনি বছৰ আগতে ৰবাৰ্ট ববি জৰ্জৰ সৈতে অনুশীলন আৰম্ভ কৰিছিল। শৈলীয়ে কোভিডৰ কাৰণে প্ৰায় দুবছৰ অনুশীলন কৰিব পৰা নাছিল যদিও ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছত আহিয়েই অভিলেখসংখ্যক ৬.৪৮ মিটাৰ জঁপিয়াইছিল। আজি জুনিয়ৰ বিশ্ব এথলেটিকছ চেম্পিয়নত তৃতীয় প্ৰচেষ্টাত তেওঁ ৬.৫৯ মিটাৰ জঁপিয়াই ৰূপৰ পদক অৰ্জন কৰে।






আনহাতে শৈলী সিঙৰ এই সাফল্যক লৈ বিশ্ব চেম্পিয়ন ধিং এক্সপ্ৰেছ হিমা দাসে টুইটযোগে সিঙক অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য, হিমাই ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্থাৰ অনূৰ্ধ্ব শাখাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৪০০ মিটাৰ ৰেচত সোণৰ পদক লাভ কৰি ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰিছিল।

Published by: Gautam Barman
First published: August 22, 2021, 11:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি