কাইলৈ গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ মাজত T-20 মেচ, মেচ উপভোগ কৰিবলৈ বান্ধি দিলে বহু নীতি নিয়ম

News18 Assam | News18-Assam
Updated:January 4, 2020, 9:59 AM IST
কাইলৈ গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ মাজত T-20 মেচ, মেচ উপভোগ কৰিবলৈ বান্ধি দিলে বহু নীতি নিয়ম
মেচখনক লৈ প্ৰৱল আশাবাদী অসম ক্ৰিকেট সন্থা

মেচখনক লৈ প্ৰৱল আশাবাদী অসম ক্ৰিকেট সন্থা

  • Share this:
অপেক্ষাৰ অন্ত পৰিল!  কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত T-20 মেচ। মেচখনক লৈ প্ৰৱল আশাবাদী অসম ক্ৰিকেট সন্থা। মেচখন উপভোগ কৰিবলৈ, দৰ্শকৰ বাবে অসম ক্ৰিকেট সন্থা আৰু আৰক্ষী প্ৰশাসনে বান্ধি দিছে বহু কেইটা গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা। খেল চাবলৈ দৰ্শকে লগত নিব পাৰিব কেৱল ম’বাইল, গাড়ীৰ চাবি, মানিবেগ।

ষ্টেডিয়ামৰ ভিতৰত সোমোৱাৰ সময়ত লগত নিব নোৱাৰিব  কোনোধৰণৰ পোষ্টাৰ, প্লাষ্টিক জাতীয় সামগ্ৰী।  বিয়লি ৪ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ। ৩৯,৪০০ দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব খেল। খেলৰ সফল আয়োজনৰ বাবে তৎপৰ মহানগৰ আৰক্ষী প্ৰশাসন। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বন্ধ থাকিব লখৰাৰ–চাইকেল ফেক্টৰী সংযোগী পথ। বন্ধ থাকিব গড়চুক–ধীৰেণপাৰা হৈ ভৰলুমুখ সংযোগী পথো।
আৰু চাওক
পৰৱৰ্তী বাতৰি