উত্তৰ–পূব সীমান্ত ৰে'লৱেৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰা মণিপুৰৰ ২৬ বছৰীয়া ভাৰোত্তোলক মীৰাবাই চানু (Mirabai Chanu)য়ে শনিবাৰে টকিঅ' অলিম্পিকত (Tokyo Olympics 2020) ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছিল।
মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰাৰ মাত্ৰ দুদিন পিছত ভাৰতীয়ৰ ৰূপৰ পদক সোণলৈ পৰিৱৰ্তিত হ'ব পাৰে বুলি বাতৰি পোৱা গৈছে। যদি এনে হয়, ই ভাৰতীয় খেলুৱৈৰ বাবে আটাইতকৈ ডাঙৰ সাফল্য হ'ব।
উল্লেখ্য, টকিঅ' অলিম্পিকত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি মীৰাবাই চানুৱে প্ৰতিযোগিতাখনত তেওঁৰ চাৰিটা সফল প্ৰচেষ্টাৰ সময়ত মুঠ ২০২ কিলোগ্ৰাম ভাৰ উত্তোলন কৰিছিল। আনহাতে, চীনৰ হৌ হৌ জিহুই (Hou Hou Zhihui)য়ে ২১০ কিলোগ্ৰাম ওজন তুলি সোণৰ পদক অৰ্জন কৰে আৰু এক নতুন অলিম্পিক ৰেকৰ্ড গঢ়ে। একেখন প্ৰতিযোগিতাত ইণ্ডোনেছিয়াৰ উইণ্ডি কেণ্টিকা আয়েশাই মুঠ ১৯৪ কিলোগ্ৰামৰ সৈতে ব্ৰঞ্জৰ পদক জিকিছিল।
কিন্তু সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন মতে, চীনা ভাৰোত্তোলক হৌ জিহুইক ড'পিং বিৰোধী বিষয়াসকলে পৰীক্ষা কৰিব আৰু এই পৰীক্ষাত হৌ জিহুই বিফল হ'লে ভাৰতৰ মীৰাবাই চানুলৈ আহি যাব পাৰে সোণৰ পদক। এক সূত্ৰ অনুসৰি, হৌ জিহুইক টকিঅ'ত থাকিবলৈ কোৱা হৈছে আৰু ইয়াতে পৰীক্ষাটো কৰা হ'ব।
উল্লেখ্য যে অলিম্পিকত প্ৰায় ৫,০০০ খেলুৱৈক কেইবাবাৰো পৰীক্ষা কৰা হৈছে আৰু প্ৰতিযোগিতাৰ প্ৰৱেশ আৰু প্ৰস্থান দুয়োটাৰ নমুনা সংগ্ৰহ কৰা হয়। এইক্ষেত্ৰত তেওঁলোকৰ ফলাফল পজিটিভ অহাৰ সম্ভাৱনা কম, কিন্তু যদি হোইৰ পৰীক্ষাৰ ফলাফল পজিটিভ হয়, মীৰবাই চানু ভাৰতৰ প্ৰথম মহিলা অলিম্পিক স্বৰ্ণপদক বিজয়ী হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|