মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Tokyo Olympic: দেওবাৰে ব্ৰঞ্জৰ পদকৰ বাবে পি ভি সিন্ধুৱে যুঁজ দিব চীনৰ হি বিং জাওৰ বিৰুদ্ধে

Tokyo Olympic: দেওবাৰে ব্ৰঞ্জৰ পদকৰ বাবে পি ভি সিন্ধুৱে যুঁজ দিব চীনৰ হি বিং জাওৰ বিৰুদ্ধে

News18 Assam | News18-Assam
Updated:July 31, 2021, 9:43 PM IST
Tokyo Olympic: দেওবাৰে ব্ৰঞ্জৰ পদকৰ বাবে পি ভি সিন্ধুৱে যুঁজ দিব চীনৰ হি বিং জাওৰ বিৰুদ্ধে
দেওবাৰে ভাৰতীয় পদক তালিকাত আৰু এটা পদক সংযোজন হোৱাৰ সম্ভাৱনা।

দেওবাৰে ভাৰতীয় পদক তালিকাত আৰু এটা পদক সংযোজন হোৱাৰ সম্ভাৱনা।

  • Share this:

টকিঅ' অলিম্পিক গেমছৰ কাইলৈ দশম দিন। বিশ্ব ক্ৰীড়া মহাযুদ্ধৰ দশম দিনটোত শ্বাটলাৰ পি ভি সিন্ধুৰ যোগেদি ভাৰতৰ পদক তালিকাত আকৌ এটা ব্ৰঞ্জৰ পদক যোগ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। দেওবাৰে টকিঅ'ৰ মুছাছিন ফৰেষ্ট প্লাজাৰ হোভা কোৰ্টত ভাৰতীয় সময় মতে সন্ধিয়া ৫ বজাত পি ভি সিন্ধু মুখামুখি হ'ব বিশ্বৰ অষ্টম স্থানৰ চীনৰ হি বিং জাওৰ বিৰুদ্ধে।


অলিম্পিক গেমছৰ মহিলাৰ বেডমিণ্টনৰ ব্যক্তিগত শাখাৰ শনিবাৰৰ দ্বিতীয়খন ছেমি ফাইনেলত চীন টাইপেৰ টি ৱাই টাইৰ হাতত ১৮-২১, ১২-২১ পইন্টত পৰাস্ত হয় পি ভি সিন্ধু। ৰিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী বিশ্বৰ ষষ্ঠ ৰেংকিঙৰ পি ভি সিন্ধুৱে পৰাজিত হ'ল বিশ্বৰ দ্বিতীয় ৰেংকিঙৰ চীন টাইপেৰ টি ৱাই টাইৰ হাতত।


দ্বিতীয় ছেমি ফাইনেলত পৰাজিত হ'লেও দেওবাৰে পি ভি সিন্ধুৱে ব্ৰঞ্জৰ পদকৰ বাবে যুঁজ দিব চীনৰ হি বিং জাওৰ বিৰুদ্ধে। ভাৰতৰ পি ভি সিন্ধুৰ বিশ্ব ৰেংকি ষষ্ঠ স্থান হোৱাৰ বিপৰীতে চীনৰ হি বিং জাওৰ বিশ্ব ৰেংকি হ'ল অষ্টম।



শনিবাৰৰ প্ৰথমখন ছেমি ফাইনেলত চীনৰ হি বিং জাৱে চীনৰেই বিশ্বৰ এক নম্বৰ স্থানৰ চেন ইউ ফিৰ বিৰুদ্ধে ১৬-২১, ২১-১৩ আৰু ১২-২১ ব্যৱধানত যুঁজ দি পৰাজিত হয়। চীনৰ হি বিং জাও শক্তিশালী শ্বাটলাৰ হ'লেও দেওবাৰৰ ব্ৰঞ্জ পদকৰ খেলত দাবীদাৰ ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু।


উল্লেখ্য যে পি ভি সিন্ধুৱে এইবাৰৰ টকিঅ' অলিম্পিকত গ্ৰুপৰ খেলত ইজৰাইলৰ ছেনিয়া পালিকাৰপভাক ২-০ ব্যৱধানত পৰাস্ত কৰাৰ পিছত হংকংঙৰ এন ৱাই চিউঙক ২-০ ব্যৱধানত হৰুৱাই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।


প্ৰি–কোৱাৰ্টাৰত পি ভি সিন্ধুৱে বিশ্বৰ ১৩ নম্বৰ স্থানৰ ডেনমাৰ্কৰ মিয়া ব্লিছিফেল্টক ২-০ ব্যৱধানত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শুকুৰবাৰৰ কোৱাৰ্টাৰতো ঘৰুৱা জাপানৰ আকানে ইমাগুচিকো ২-০ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। শনিবাৰে ছেমি ফাইনেলত পি ভি সিন্ধুৰ ফলাফল বেয়া হ'লেও তেওঁৰ সন্মুখত আছে ব্ৰঞ্জৰ পদকৰ যুঁজ।


সকলোৱে আশা কৰিছে ভাৰতীয় সময়মতে দেওবাৰৰ সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ'বলগীয়া খেলত জয় হৈ ভাৰতীয় পদক তালিকাৰ সংখ্যা দুটালৈ বৃদ্ধি কৰিব।

Published by: Gautam Barman
First published: July 31, 2021, 9:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি