কোহলীৰ জীৱনৰ কঠিন সময়, যেতিয়া কান্দি কান্দি বেটিং কৰিছিল কোহলীয়ে

পিতৃৰ বিয়োগৰ শোকত বাৰে বাৰে চকুলো নামি আহিছিল কোহলীৰ দুচকুলৈ। শতৰান সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আম্পায়াৰে এটা ভুল সিদ্ধান্তৰে কোহলীক আউট দিছিল।

news18assam
Updated:June 4, 2019, 12:40 PM IST
কোহলীৰ জীৱনৰ কঠিন সময়, যেতিয়া কান্দি কান্দি বেটিং কৰিছিল কোহলীয়ে
পিতৃৰ বিয়োগৰ শোকত বাৰে বাৰে চকুলো নামি আহিছিল কোহলীৰ দুচকুলৈ। শতৰান সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আম্পায়াৰে এটা ভুল সিদ্ধান্তৰে কোহলীক আউট দিছিল।
news18assam
Updated: June 4, 2019, 12:40 PM IST
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে নিজৰ তৃতীয়খনত বিশ্বকাপৰ যুঁজত নামিব এইবাৰ। কাইলৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিব চলিত বিশ্বকাপৰ প্ৰথমখন মেচ। অধিনায়ক হিচাপে এয়া কোহলীৰ প্ৰথমখন বিশ্বকাপ। ভাৰতে ২০১৯ৰ বিশ্বকাপ নিজৰ দখলত ৰাখিবলৈ সক্ষম হ’ব বুলি আশাবাদী দেশবাসী। কোহলীয়ে ইতিমধ্যে গঢ়িছে কেইবাটাও বিশ্ব অভিলেখ।

প্ৰতিজন খেলুৱৈৰ জীৱনতে থাকে সংঘৰ্ষ। তাৰ ব্যতিক্ৰম নহয় বিৰাট কোহলীও। জীৱনৰ কঠিন সময়তো সাহসেৰে যুঁজি গৈছিল কোহলীয়ে। কোহলীয়ে যেতিয়া নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিছিল, তেতিয়াও তেওঁৰ পিতৃৰ বিয়োগ ঘটিছিল। তেতিয়া কোহলী দিল্লীৰ ৰঞ্জী দলৰ খেলুৱৈ। সেয়া আছিল কোহলীৰ জীৱনৰ আটাইতকৈ কঠিন সময়। কোহলীয়ে ফোন কৰি প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাক পিতৃৰ বিয়োগৰ কথা জনাইছিল। কোহলীয়ে ৰঞ্জী খেলিবনে নাই তাক লৈ চিন্তিত আছিল। তেতিয়া ৰাজকুমাৰ শৰ্মাই পৰামৰ্শ দিছিল যে তুমি যি উচিত বুলি ভাবা তাকেই কৰা।

২০০৬ চনৰ ডিচেম্বৰৰ সেই দিনটোৱে কোহলীৰ জীৱনত পাহৰিব নোৱাৰা দুখ দি গৈছিল। আৰু সেই দিনটোৱে দিছিল কেতিয়াও ভাগি নপৰাৰ অদ্ভুত শক্তিও। ১৮ বছৰীয়া কোহলী তেতিয়া কৰ্ণাটকৰ বিৰুদ্ধে দিল্লীৰ হৈ খেলি আছিল। কৰ্ণাটকে প্ৰথম ইনিংছত ৪৪৬ ৰান সংগ্ৰহ কৰিছিল। দিল্লী দলে ১৪ ৰানত চাৰিটা উইকেট হেৰুৱাই সংকটত পৰিছিল। তেতিয়া কোহলীয়ে পৰিস্থিতি চম্ভালি লৈছিল আৰু দ্বিতীয় দিনাৰ খেলৰ সমাপ্তিলৈ ৪০ ৰান কৰি অপৰাজিত হৈ আছিল। সেইদিনা নিশাই তেওঁৰ পিতৃৰ দেহাৱসান ঘটিছিল।

পিতৃৰ বিয়োগৰ পিছতো এইগৰাকী সাহসী খেলুৱৈয়ে পিছদিনা খেলপথাৰত নমাৰ সিদ্ধান্ত লৈছিল। আম্পায়াৰৰ লগতে আন খেলুৱৈ সকলো আচৰিত হৈছিল। কিন্তু কোহলী অটল আছিল। ক্ৰিজত নামি কোহলীয়ে সংগ্ৰহ কৰিছিল ৯০ ৰান। বেটিং কৰাৰ সময়ত কোহলীয়ে আবেগ ধৰি ৰাখিব পৰা নাছিল। পিতৃৰ বিয়োগৰ শোকত বাৰে বাৰে চকুলো নামি আহিছিল কোহলীৰ দুচকুলৈ। শতৰান সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আম্পায়াৰে এটা ভুল সিদ্ধান্তৰে কোহলীক আউট দিয়ে। পেভিলিয়নলৈ উভতিয়ে কোহলীয়ে নীৰৱে ৰাওনা হৈছিল পিতৃৰ অন্তিম সংস্কাৰলৈ। ২৮১ মিনিট ক্ৰিজত থাকি ২৩৮টা বল খেলি কোহলীয়ে দিল্লীক পৰাজয়ৰ পৰা উদ্ধাৰ কৰিছিল। দিল্লীৰ ফিৰোজশ্বাহ কোটলা খেলপথাৰত সেইদিনা সৃষ্টি হৈছিল এক ইতিহাস। তেতিয়াৰ পৰাই আৰম্ভ হৈছিল ১৮ বছৰীয়া কোহলীৰ বিশ্ব ক্ৰিকেটৰ ছুপাৰষ্টাৰ হোৱাৰ যাত্ৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি