মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Again Corona in IPL: আই পি এলত পুনৰ কোৰোণাৰ আক্ৰমণ! ক'ভিড পজিটিভ ছানৰাইজাৰ্ছৰ ক্ৰিকেটাৰ, ৬গৰাকী আইছ'লেচনত

Again Corona in IPL: আই পি এলত পুনৰ কোৰোণাৰ আক্ৰমণ! ক'ভিড পজিটিভ ছানৰাইজাৰ্ছৰ ক্ৰিকেটাৰ, ৬গৰাকী আইছ'লেচনত

News18 Assam | News18-Assam
Updated:September 22, 2021, 5:13 PM IST
Again Corona in IPL: আই পি এলত পুনৰ কোৰোণাৰ আক্ৰমণ! ক'ভিড পজিটিভ ছানৰাইজাৰ্ছৰ ক্ৰিকেটাৰ, ৬গৰাকী আইছ'লেচনত
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আজি বুধবাৰে দিল্লী কেপিটেলছৰ সৈতে খেল আছিল।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আজি বুধবাৰে দিল্লী কেপিটেলছৰ সৈতে খেল আছিল।

  • News18 Assam
  • Last Updated: September 22, 2021, 5:13 PM IST
  • Share this:

আই পি এল ভাৰতৰ পৰা সংযুক্ত আৰব আমীৰশ্বাহী (UAE)লৈ নিলেও বিশেষ সহায়ক নহ'ল। ক'ভিডৰ বাবে ঠাই সলনিৰ লগতে সাময়িক বিৰতি দিয়াৰ পিছতো লগ নেৰিলে ক'ভিডে। প্ৰতিযোগিতাখনৰ দ্বিতীয় পৰ্যায়ৰ এতিয়ালৈকে মাত্ৰ ৩ খন মেচ খেলা হৈছে। কিন্তু ইয়াৰ মাজতে কোৰোনাৰ সংক্ৰমণ দেখা গৈছে পুনৰ।


ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ টি নটৰাজন (T Natarajan)ৰ কোৰোনা পৰীক্ষাত ইতিবাচক ফলাফল পোৱা বুলি জানিব পৰা গৈছে৷ ফলস্বৰূপে তেওঁৰ সংস্পৰ্শলৈ অহা দলটোৰ আন ছজন সদস্যক আইছোলেছন কৰা হৈছে৷


ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আজি বুধবাৰে দিল্লী কেপিটেলছৰ সৈতে খেল আছিল। কিন্তু তাৰ আগতে আহিল এই বেয়া খবৰটো৷ অৱশ্যে নটৰাজনৰ দেহত বিশেষ কোনো লক্ষণ নাই বুলি জানিব পৰা গৈছে৷ মেচখন আজি নিৰ্ধাৰিত সময়তে আৰম্ভ হ'ব৷'






নটৰাজনৰ সংস্পৰ্শলৈ অহা দলটোৰ ছয়জন সদস্যক তৎক্ষণাৎ আইছোলেচন কৰাৰ সিদ্ধান্ত লৈছিল৷ এই সদস্যসকল হৈছে বিজয় শংকৰ, বিজয় কুমাৰ (দলৰ মেনেজাৰ), শ্যাম সুন্দৰ জে (ফিজিঅ'থেৰাপিষ্ট), অঞ্জনা বন্যান (চিকিৎসক), তুষাৰ খেদকাৰ (লজিষ্টিক মেনেজাৰ) আৰু পেৰিয়াচামি গণেশন (নেট বলাৰ)।

Published by: Gautam Barman
First published: September 22, 2021, 5:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি