বিৰাট কোহলীৰ ওপৰত খং সুনীল গাভাস্কাৰৰ, ক’লে – আপুনি যেতিয়া জন্মই পোৱা নাছিল, তেতিয়াও জিকিছিল টীম ইণ্ডিয়া

News18-Assam
Updated:November 25, 2019, 11:50 AM IST
বিৰাট কোহলীৰ ওপৰত খং সুনীল গাভাস্কাৰৰ, ক’লে – আপুনি যেতিয়া জন্মই পোৱা নাছিল, তেতিয়াও জিকিছিল টীম ইণ্ডিয়া
‘ভাৰতীয় দলে সৌৰভ গাংগুলীৰ সময়ৰে পৰা টেষ্ট ক্ৰিকেটৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছিল’ বুলি কোহলীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে গাভাস্কাৰে।

‘ভাৰতীয় দলে সৌৰভ গাংগুলীৰ সময়ৰে পৰা টেষ্ট ক্ৰিকেটৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছিল’ বুলি কোহলীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে গাভাস্কাৰে।

  • News18 Assam
  • Last Updated: November 25, 2019, 11:50 AM IST
  • Share this:
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মহান বেটছমেন সুনীল গাভাস্কাৰে উভতি ধৰিছে বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীক। ‘ভাৰতীয় দলে সৌৰভ গাংগুলীৰ সময়ৰে পৰা টেষ্ট ক্ৰিকেটৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছিল’ বুলি কোহলীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে গাভাস্কাৰে।

গাভাস্কাৰে কয় যে ভাৰতীয় দলে সেই সময়তো জিকিছিল যেতিয়া বৰ্তমানৰ অধিনায়ক কোহলীৰ জন্মই হোৱা নাছিল। বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতে আকৰ্ষণীয় বিজয় সাব্যস্ত কৰাৰ পিছত কোহলীয়ে কৈছিল যে ভাৰতে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ শিকিছে আৰু এই সকলো ‘দাদা’ৰ দলৰ পৰা আৰম্ভ হৈছিল।

কোহলীৰ এই মন্তব্যত অসন্তুষ্ট প্ৰাক্তন অধিনায়ক গাভাস্কাৰে কয় – ‘ভাৰতীয় অধিনায়কজনে কয় যে এয়া ২০০০ চনৰ পৰা দাদাৰ দলৰ পৰা আৰম্ভ হৈছে। মই জানো যে দাদা বিচিচিআইৰ অধ্যক্ষ, সেইবাবেই হয়তো কোহলীয়ে তেওঁৰ বিষয়ে ভাল কথা ক’ব বিচাৰিছিল। কিন্তু ভাৰতে ৭০ আৰু ৮০ৰ দশকতো জিকিছিল। সেই সময়ত কোহলীৰ জন্মই হোৱা নাছিল। ভাৰতীয় দলে ১৯৮৬তো বিজয়ী হৈছিল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি