এছিয়া কাপৰ জনপ্ৰিয় ফুটবলাৰ হিচাপে চিহ্নিত হৈছে ভাৰতৰ সুনীল চেত্ৰী

News18 Assam | News18-Assam
Updated:August 3, 2020, 10:52 AM IST
এছিয়া কাপৰ জনপ্ৰিয় ফুটবলাৰ হিচাপে চিহ্নিত হৈছে ভাৰতৰ সুনীল চেত্ৰী
২০১৯ বৰ্ষৰ এ এফ চি এছিয়ান কাপত ৩৫ বছৰীয়া ভাৰতীয় ষ্ট্ৰাইকাৰগৰাকীয়ে দুটা গল দিছিল।

২০১৯ বৰ্ষৰ এ এফ চি এছিয়ান কাপত ৩৫ বছৰীয়া ভাৰতীয় ষ্ট্ৰাইকাৰগৰাকীয়ে দুটা গল দিছিল।

  • Share this:
কোৰোণা ভাইৰাছৰ মাজতে ভাৰতীয় ক্ৰীড়াৰ বাবে সুখবৰ। এছিয়ান ফুটবল কনফেডাৰেচন চমুকৈ এ এফ চি এছিয়া কাপ ফুটবল ২০১৯ৰ জনপ্ৰিয় ফুটবলাৰ হিচাপে চিহ্নিত হয় ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰী। এছিয়ান ফুটবল কনফেডাৰেচনে চলোৱা অনুৰাগীৰ সমীক্ষাত ৫১-৪৯ শতাংশ ভোট লাভ কৰি তালিকাৰ শীৰ্ষ স্থান লাভ কৰে তাৰকা ফৰৱাৰ্ড সুনীল চেত্ৰীয়ে। এই সন্মান লাভৰ পথত সুনীলে অতিক্ৰম কৰে উজবেকিস্তানৰ এলডৰ ছমুৰডোভক। ২০১৯ বৰ্ষৰ এ এফ চি এছিয়ান কাপত ৩৫ বছৰীয়া ভাৰতীয় ষ্ট্ৰাইকাৰগৰাকীয়ে দুটা গল দিছিল। উল্লেখযোগ্য যে সুনীল চেত্ৰীয়ে সৰ্বভাৰতীয় ফুটবল ফেডাৰেছচনৰ তৰফৰ পৰাও ছয়বাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে। এ এফ চিৰ শীৰ্ষস্থান লাভ কৰাৰ বাবে সুনীল চেত্ৰীক অভিনন্দন জনাইছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে।
Published by: Sanjay Kumar Das
First published: August 3, 2020, 10:52 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading