মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»গৌৰৱৰ খবৰ! টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে!

গৌৰৱৰ খবৰ! টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে!

News18 Assam | News18-Assam
Updated:January 5, 2021, 7:10 PM IST
গৌৰৱৰ খবৰ! টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে!
অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে।

অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে।

  • Share this:
অসম তথা ভাৰতবাসীৰ বাবে নতুন বছৰটোৰ আৰম্ভণিতে এটা ভাল খবৰ। টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে! সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, 4×100 ৰিলেত যোগ্যতা অৰ্জন কৰিছে অসমৰ স্বৰ্ণকন্যা হিমা দাসে। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে।

২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব ২০ বছৰীয়া খেলুৱৈগৰাকীয়ে। অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ খবৰে স্বাভাৱিকতে হিমাৰ লগতে পৰিয়াল তথা অসমবাসীক আনন্দিত কৰিছে। সকলোৱে আশা কৰিছে অলিম্পিকতো হিমাই গৌৰৱ কঢ়িয়াই আনক দেশলৈ।
Published by: Sanjay Kumar Das
First published: January 5, 2021, 7:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি