Hima Das : টকিঅ' অলিম্পিকত ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস

News18 Assam | News18-Assam
Updated:March 17, 2021, 10:03 AM IST
Hima Das : টকিঅ' অলিম্পিকত ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস
অৱশ্যে হিমা দাসৰ হাতত আছে এতিয়াও আন এটা সুযোগ।

অৱশ্যে হিমা দাসৰ হাতত আছে এতিয়াও আন এটা সুযোগ।

  • Share this:
টকিঅ' অলিম্পিক (Tokyo Olympics 2021) ৰ ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হল তাৰকা স্প্ৰিণ্টাৰ হিমা দাস (Hima Das)। পঞ্জাবৰ পাটিয়ালাৰ ছাই কেন্দ্ৰত অনুষ্ঠিত হৈ থকা ফেডাৰেচন কাপ প্ৰতিযোগিতাত 'ফলছ ষ্টাৰ্ট' কৰাৰ বাবেই প্ৰতিযোগিতাখনৰ ১০০ মিটাৰ ইভেণ্টটোত সফল হ’ব নোৱাৰিলে হিমা দাসে। অৱশ্যে হিমা দাসৰ হাতত আছে এতিয়াও আন এটা সুযোগ। ২০২১ৰ টকিঅ’ অলিম্পিক গেমছৰ ২০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনৰ বাবে পুনৰ ছিন্থেটিক ট্ৰেকত নামিব দৌৰবিদ হিমা দাসে। ২০০ মিটাৰ ইভেণ্টত নিৰ্ধাৰিত সময়ৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰিব পাৰিলেই হিমা দাসে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব।

উল্লেখযোগ্য যে অসমৰ হিমা দাসে ২০১৮ চনৰ ফিনলেণ্ডৰ ২০ বছৰৰ অনুৰ্ধ্ব বিশ্ব এথলেটিকছত স্বৰ্ণপদক পোৱাৰ উপৰি ২০১৮ চনৰে জাকাৰ্টা এছিয়ান গেমছত দলগতভাৱে দুটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰিছিল। সেয়ে এতিয়া অলিম্পিকৰ বাবেই সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে হিমা দাসৰ ওপৰত।
Published by: Sanjay Kumar Das
First published: March 17, 2021, 10:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি