உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ডাঙৰ খবৰ! অলিম্পিকৰ পূৰ্বে হিমা দাসে এৰিলে নিজৰ পছন্দৰ ইভেণ্ট!

    ডাঙৰ খবৰ! অলিম্পিকৰ পূৰ্বে হিমা দাসে এৰিলে নিজৰ পছন্দৰ ইভেণ্ট!

    Photo : Facebook

    Photo : Facebook

    আঘাতৰ সমস্যা আৰু জ্বৰৰ বাবে এই সিদ্ধান্ত ল’বলগীয়া হৈছে ‘ধিং এক্সপ্ৰেছ’ হিমাই।

    • Share this:
    এই বছৰটো খেল জগতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। অলিম্পিক বছৰ হোৱা বাবে খেলুৱৈসকলৰ মনোযোগ কেৱল নিজৰ খেলত। কিন্তু অলিম্পিকৰ পূৰ্বে ভাৰতবাসীৰ আশাত যেন চেঁচাপানী পৰিল। ৪০০ মিটাৰৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন আৰু এছিয়ান গেম্ছত ৰূপৰ পদক লাভ কৰা হিমাই এই বছৰটোৰ বাবে নিজৰ পছন্দৰ ইভেণ্ট (৪০০ মিটাৰ)ৰ পৰা আঁতৰি থাকিব আৰু সম্পূৰ্ণ মনোযোগ দিব ২০০ মিটাৰত। ইয়াৰ লগে লগে ব্যক্তিগত ইভেণ্টত হিমাই অলিম্পিকৰ টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰায় শেষ। ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, হিমাই ৪০০ মিটাৰ ইভেণ্টলৈ অহা বছৰ প্ৰত্যাৱৰ্তন কৰিব।

    আঘাতৰ সমস্যা আৰু জ্বৰৰ বাবে এই সিদ্ধান্ত ল’বলগীয়া হৈছে ‘ধিং এক্সপ্ৰেছ’ হিমাই। ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনৰ হাই পাৰফৰ্মেন্স ডাইৰেক্টৰ ভোলকাৰ হেৰমেনে কয় যে হিমা দাসে ৪০০ মিটাৰৰ বাবে এতিয়া একেবাৰে প্ৰস্তুত নহয়।

    Photo : Facebook


    প্ৰয়োজন অনুসৰি এতিয়া হিমা ফিট নহয় আৰু ৪০০ মিটাৰৰ বাবে ভাল প্ৰশিক্ষণ আৰু শক্তিৰ প্ৰয়োজন হয়। বিগত ছিজনৰ দৰে কোনো ভুল কৰিব নিবিচাৰো আমি। লগতে আমি হিমাক বাধ্য কৰাব নিবিচাৰো।

    Photo : Facebook


    যদি হিমাক ৪০০ মিটাৰৰ প্ৰতিযোগিতাৰ বাবে কেওঁ তাইৰ ওপৰত হেঁচা আহি পৰিব। হিমা এতিয়া যুৱ খেলুৱৈ আৰু আমি কোনো ধৰণৰ খৰখেদা কৰিব বিচৰা নাই। সেয়েহে পুৰণি ছন্দ ঘূৰাই অনাৰ বাবে ২০০ মিটাৰত মনোযোগ দিবলৈ কোৱা হৈছে। অৱশ্যে হিমাই ৪০০ মিটাৰ ৰিলে’ স্কোৱাডৰ অংশ হোৱাৰো সম্ভাৱনা কম আছে। ফেডাৰেচনে মে’ মাহত বাছনি কৰিব দল।
    Published by:Sanjay Kumar Das
    First published: