আখতাৰে ছৰফৰাজৰ ফিটনেছক লৈ প্ৰশ্ন উত্থাপন কৰি কয় – ছৰফৰাজতকৈ ‘আনফিট’ অধিনায়ক মই আজিলৈ দেখা নাই।
আখতাৰে ছৰফৰাজৰ ফিটনেছক লৈ প্ৰশ্ন উত্থাপন কৰি কয় – ছৰফৰাজতকৈ ‘আনফিট’ অধিনায়ক মই আজিলৈ দেখা নাই।
২০১৯ৰ আই চি চি ক্ৰেকট বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাজিত হোৱা পাকিস্তান দলক তীব্ৰ সমালোচনা কৰিছে পাকিস্তানৰ প্ৰাক্তন বলাৰ ছোৱেইব আখতাৰে। পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদক লক্ষ্য কৰি লয় আখতাৰে। আখতাৰে ছৰফৰাজৰ ফিটনেছক লৈ প্ৰশ্ন উত্থাপন কৰি কয় – ছৰফৰাজতকৈ ‘আনফিট’ অধিনায়ক মই আজিলৈ দেখা নাই। উল্লেখযোগ্য যে চলিত বিশ্বকাপৰ এই মেচখনত ৱেষ্ট ইণ্ডিজৰ হাতত ৭ উইকেটত পৰাস্ত হৈছিল পাকিস্তান। এয়া পাকিস্তানৰ আটাইতকৈ শোচনীয় পৰাজয়।
প্ৰথমে বেটিং কৰা পাকিস্তান দলে ২১.৩ অভাৰত মাত্ৰ ১০৫ ৰান কৰিবলৈ সক্ষম হয়। পাকিস্তানৰ এয়া দ্বিতীয় ন্যূনতম স্ক’ৰ। ইয়াৰ পূৰ্বে ১৯৯২ চনত ইংলেণ্ডৰ বিৰুদ্ধে এডিলেইডত ৭৪ ৰানত অল আউট হৈছিল পাকিস্তান। ১০৫ ৰান কৰা পাকিস্তানৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰে ৱেষ্ট ইণ্ডিজে। ক্ৰিছ গেইলৰ অৰ্ধশতকৰ সহায়ত ১৪ অভাৰতে জয়ৰ লক্ষ্যত উপনীত হয় ৱেষ্ট ইণ্ডিজ।
খেলখনত যিধৰণে পাকিস্তানৰ বেট্ছমেনসকল আউট হৈছিল সেয়া দেখি ছোৱেইব আখতাৰে ছচিয়েল মিডিয়াত লিখিছিল – ‘মোৰ মাত বন্ধ হৈ গৈছিল। তাৰ পিছতে আখতাৰৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল য’ত ছৰফৰাজৰ ফিটনেছক লৈ প্ৰশ্ন তোলে আখতাৰে। তেওঁ কয় যে যেতিয়া ছৰফৰাজ টচ কৰিবলৈ গৈছিল তেতিয়া তেওঁৰ পেট ওলমি আছিল। প্ৰথমবাৰৰ বাবে ইমান আনফিট কেপ্টেইন দেখিছো। দলৰ বলাৰ মহম্মদ আমিৰক প্ৰশংসা কৰে আখতাৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|