গুৱাহাটীৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু। শনিবাৰে নিশাৰ পৰা হৈ আছিল সন্ধানহীন।
গুৱাহাটীৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু। শনিবাৰে নিশাৰ পৰা হৈ আছিল সন্ধানহীন।
অসমৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ সংবাদ জগতক। হাতীগাঁৱৰ শেৱালী পথৰ ঘৰৰ পৰা মাত্ৰ ৫০ মিটাৰমান আঁতৰত সোমবাৰে পুৱা এটা নলাত উদ্ধাৰ হয় পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ। পুৱা ৭মান বজাত স্থানীয় লোকে সাংবাদিক চুতীয়াৰ মৃতদেহ দেখা পাই আৰক্ষীক খবৰ দিয়ে।
শনিবাৰে নিশাৰে পৰা সন্ধানহীন হৈ আছিল ক্ৰীড়া সাংবাদিকগৰাকী। নিশা পৰিয়ালৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ পিছতে পানীৰ পাম্পৰ ছুইচ অন কৰিবলৈ ওলাই আহিছিল পূৰ্বজ্যোতি চুতীয়া। কিন্তু বহু সময়লৈ উভতি নোযোৱাত পৰিয়ালত লাগিছিল হাহাকাৰ। অৱশেষত সোমবাৰে পুৱা উদ্ধাৰ হয় মৃতদেহ।
পৰিয়ালৰ লোকে এইয়া হত্যাকাণ্ড বুলি অভিযোগ কৰিছে। আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি জনোৱা মতে আঁঠুত সামান্য আঘাতৰ বাদে সাংবাদিকগৰাকীৰ মৃতদেহত নাই কোনো আঘাতৰ চিন। মৰণোত্তৰ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিব প্ৰকৃত ৰহস্য।
'আমাৰ অসম'ত ক্ৰীড়া সাংবাদিক ৰূপে কাম কৰা পূৰ্বজ্যোতি চুতীয়াই মৃত্যুৰ সময়লৈ 'নিয়মীয়া বাৰ্তা'ৰ সহকাৰী সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|