உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Neeraj Chopra: নীৰজ চোপ্ৰাৰ সাফল্যত ক্ৰিকেট জগততো আনন্দৰ লহৰ, টেণ্ডুলকাৰে ক'লে– নীৰজৰ জেভলিনে স্পৰ্শ কৰিলে সূৰ্য!

    Neeraj Chopra: নীৰজ চোপ্ৰাৰ সাফল্যত ক্ৰিকেট জগততো আনন্দৰ লহৰ, টেণ্ডুলকাৰে ক'লে– নীৰজৰ জেভলিনে স্পৰ্শ কৰিলে সূৰ্য!

    গৌতম গম্ভীৰৰ পৰা হাৰ্দিক পাণ্ডিয়ালৈ নীৰজক উদ্দেশ্যি প্ৰশংসাৰ টুইট।

    গৌতম গম্ভীৰৰ পৰা হাৰ্দিক পাণ্ডিয়ালৈ নীৰজক উদ্দেশ্যি প্ৰশংসাৰ টুইট।

    গৌতম গম্ভীৰৰ পৰা হাৰ্দিক পাণ্ডিয়ালৈ নীৰজক উদ্দেশ্যি প্ৰশংসাৰ টুইট।

    • Share this:

    নীৰজ চোপ্ৰাই (Neeraj Chopra) শনিবাৰে টকিঅ' অলিম্পিকত (Tokyo Olympics 2020) জেভেলিন থ্ৰো (Javelin Throw)ত সোণৰ পদক জয় কৰি ভাৰতীয় ক্ৰীড়াত এক নতুন ইতিহাস ৰচনা কৰিছে। নীৰজে তেওঁৰ দ্বিতীয় প্ৰচেষ্টাত ৮৭.৫৮ মিটাৰলৈ জেভলিন দলিয়াইছিল, যি সোণৰ পদকৰ বাবে যথেষ্ট আছিল।


    নীৰজ চোপ্ৰাৰ সফলতাৰ পিছত ভাৰতৰ ক্ৰিকেট জগতৰ পৰা বহুত অভিনন্দন অহা দেখা গৈছে। শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ, ভিভিএছ লক্ষ্মণ, ৱাছিম জাফৰ, হাৰ্দিক পাণ্ডিয়া, গৌতম গম্ভীৰৰ দৰে বিখ্যাত ক্ৰিকেটাৰসকলে নীৰজক এই বিজয়ৰ বাবে অভিনন্দন জনায়।


    শচীন তেণ্ডুলকাৰে চোপ্ৰাক অলিম্পিকৰ স্বৰ্ণ জয় কৰাৰ বাবে অভিনন্দন জনাইছে আৰু টুইট কৰিছে এইদৰে– নীৰজে জেভেলিনক সূৰ্যলৈ লৈ যায়!





    উল্লেখ্য, অলিম্পিক এথলেটিকছত এইটো ভাৰতৰ প্ৰথম সোণৰ পদক। এই এথলেটিকছত অলিম্পিক পদক জিকিবলৈ ভাৰতে ১০০ বছৰতকৈও অধিক সময়ৰ অপেক্ষাৰ অন্ত পেলায়। নীৰজে সোণৰ পদক জয়ৰ পিছতে ত্ৰিৰংগা লৈ খেলপথাৰ ভ্ৰমণ কৰি এই ঐতিহাসিক বিজয় উদযাপন কৰিছিল।




    বেইজিং অলিম্পিক ২০০৮ত শ্বুটাৰ অভিনৱ বিন্দ্ৰাই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰাৰ আগতে নীৰজ হৈছে ভাৰতৰ হৈ ব্যক্তিগত সোণৰ পদক জয় কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ। মিলখা সিং আৰু পিটি ঊষাই ক্ৰমান্বয়ে ১৯৬০ আৰু ১৯৮৪ চনত সামান্য ব্যৱধানত সোণৰ পদক প্ৰাপ্তিৰ পৰা বাদ পৰিছিল।

    Published by:Gautam Barman
    First published: