শচীন তেণ্ডুলকাৰ আৰু সুনীল গাভাস্কাৰৰ নিৰাপত্তা আঁতৰালে মহাৰাষ্ট্ৰ চৰকাৰে

News18 Assam | News18-Assam
Updated:December 25, 2019, 12:08 PM IST
শচীন তেণ্ডুলকাৰ আৰু সুনীল গাভাস্কাৰৰ নিৰাপত্তা আঁতৰালে মহাৰাষ্ট্ৰ চৰকাৰে
মহাৰাষ্ট্ৰ চৰকাৰে শচীন আৰু গাভাস্কাৰক X কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰিছিল।

মহাৰাষ্ট্ৰ চৰকাৰে শচীন আৰু গাভাস্কাৰক X কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰিছিল।

  • News18 Assam
  • Last Updated: December 25, 2019, 12:08 PM IST
  • Share this:
বিশ্ব ক্ৰিকেটৰ দুই মহানায়ক শচীন তেণ্ডুলকাৰ আৰু সুনীল গাভাস্কাৰৰ নিৰাপত্তা আঁতৰালে মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ নিৰাপত্তা নিশ্চিতকাৰী কমিটীয়ে মঙলবাৰে ৪৫ গৰাকী ব্যক্তিৰ নিৰাপত্তা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ ভিতৰত আছে শচীন তেণ্ডুলকাৰ আৰু সুনীল গাভাস্কাৰো। কমিটীয়ে ৯৭ গৰাকী নেতা, শিল্পী আৰু খেলুৱৈৰ নিৰাপত্তাৰ সমীক্ষা কৰিছিল, তাৰ পিছতে গ্ৰহণ কৰে এই সিদ্ধান্ত।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ চৰকাৰে শচীন আৰু গাভাস্কাৰক X কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰিছিল। নিৰাপত্তা সংস্থাৰ ৰিপ’ৰ্টৰ আধাৰত মহাৰাষ্ট্ৰ চৰকাৰে দুয়োগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ নিৰাপত্তা ব্যৱস্থা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি