এই মেচখনৰ এদিন পূৰ্বে এলিছ পেৰীয়ে শচীন তেণ্ডুলকাৰক তেওঁৰ বলিঙৰ মুখামুখি হ’বলৈ ছচিয়েল মিডিয়াত প্ৰত্যাহ্বান জনাইছিল।
অষ্ট্ৰেলিয়াত বনজুইত আক্ৰান্ত ভুক্তভোগীৰ সাহায্যৰ বাবে দেওবাৰে অনুষ্ঠিত হয় বুশ্বফায়াৰ চেৰিটী মেচ। এই খেলত শচীন তেণ্ডুলকাৰে অষ্ট্ৰেলিয়ান মহিলা ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ এলিছ পেৰীৰ প্ৰত্যাহ্বান পূৰণ কৰে। শচীন তেণ্ডুলকাৰে মেচৰ মাজত এক অভাৰ বেটিং কৰে আৰু প্ৰথমটো বলতে কোবালে চাৰি।
এই মেচখনৰ এদিন পূৰ্বে এলিছ পেৰীয়ে শচীন তেণ্ডুলকাৰক তেওঁৰ বলিঙৰ মুখামুখি হ’বলৈ ছচিয়েল মিডিয়াত প্ৰত্যাহ্বান জনাইছিল। শচীন পেৰীৰ এই প্ৰত্যাহ্বান মানি লয় আৰু এক অভাৰৰ বাবে বেটিং কৰিবলৈ খেলপথাৰত নামে।
এলিছে লিখিছিল – ‘শচীন, আপুনি মোৰ এটা অভাৰৰ মুখামুখি হ’ব পাৰিব নেকি?’ পেৰীৰ এই প্ৰত্যাহ্বানৰ উত্তৰত শচীনে কৈছিল – নিশ্চয় কৰিম। যদিও চিকিৎসকে মোৰ কান্ধৰ আঘাতৰ বাবে এয়া কৰিবলৈ মানা কৰিছে, তথাপি মই এক অভাৰ খেলিম।’ এলিছৰ প্ৰথমটো বলতে বাউণ্ডেৰী কোবালে শচীনে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|