আকৌ খেলপথাৰত দেখা যাব শচীন তেণ্ডুলকাৰক, খেলিব ছেহৱাগ, ব্ৰায়ান লাৰা, ব্ৰেট লীয়েও

News18 Assam | News18-Assam
Updated:December 3, 2019, 1:35 PM IST
আকৌ খেলপথাৰত দেখা যাব শচীন তেণ্ডুলকাৰক, খেলিব ছেহৱাগ, ব্ৰায়ান লাৰা, ব্ৰেট লীয়েও
২০২০ চনৰ ফেব্ৰুৱাৰীত এই মহান খেলুৱৈসকলক দেখা যাব খেলপথাৰত।

২০২০ চনৰ ফেব্ৰুৱাৰীত এই মহান খেলুৱৈসকলক দেখা যাব খেলপথাৰত।

  • Share this:
আকৌ খেলপথাৰত দেখা যাব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক। কেৱল তেণ্ডুলকাৰেই নহয়, বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ, ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰা, অষ্ট্ৰেলিয়াৰ ব্ৰেট লীৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰো। ২০২০ চনৰ ফেব্ৰুৱাৰীত এই মহান খেলুৱৈসকলক দেখা যাব খেলপথাৰত। কিন্তু কিয় খেলপথাৰলৈ উভতিব শচীন তেণ্ডুলকাৰৰ লগতে এইসকল ক্ৰিকেটাৰ?

প্ৰত্যক বছৰে পথ দুৰ্ঘটনাৰ ফলত দেশত ডেৰ লাখৰো অধিক লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। ৪ লাখৰো অধিক লোকে পথ দুৰ্ঘটনাৰ ফলত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়। ইয়াৰ উপৰি প্ৰত্যেক চাৰি মিনিটত দেশত এজনকৈ লোকে পথ দুৰ্ঘটনাৰ ফলত মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। দেশত এনেধৰণৰ বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে বিশেষ পদক্ষেপ লৈছে মহাৰাষ্ট্ৰৰ থানে মণ্ডলৰ পৰিবহণ বিষয়া ৰাজু গাইকোৱাড়ে। পৰিবহণ বিষয়াজনৰ অনুৰোধত পুনৰ বেট অথবা বল ল’বলৈ সন্মতি জনাইছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ, ব্ৰেট লীৰ দৰে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে।

পথ সুৰক্ষা আৰু দেশত বৃদ্ধি পোৱা দুৰ্ঘটনাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে ২০২০ চনৰ ফেব্ৰুৱাৰীৰ পৰা মুম্বাই, নবী মুম্বাই আৰু পুনেত অনুষ্ঠিত হ’ব পথ সুৰক্ষা বিশ্ব ছিৰিজ টি–২০ ক্ৰিকেট চেম্পিয়নশ্বিপ। ৪ৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ হ’বলগীয়া টুৰ্ণামেণ্টখনত নিজ নিজ দেশৰ হৈ খেলিব শচীন তেণ্ডুলকাৰ, অষ্ট্ৰেলিয়াৰ ব্ৰেট লী, ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰা, ভাৰতৰ বীৰেন্দ্ৰ ছেহৱাগ, শ্ৰীলংকাৰ তিলকৰত্নে দিলচান, মুথিয়া মুৰুলীধৰণৰ দৰে তাৰকা ক্ৰিকেটাৰে।

ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ দলৰ ৭৫ গৰাকী প্ৰাক্তন ক্ৰিকেটাৰে অংশ ল’ব এই সজাগতামূলক চেম্পিয়নশ্বিপখনত। সমগ্ৰ দেশতে ক্ৰিকেটৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি পথ সুৰক্ষা আৰু দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত ক্ৰিকেট চেম্পিয়নশ্বিপখনৰ আয়োজন কৰাৰ মন মেলিছে পৰিবহণ বিষয়াজনে।

সোমাবাৰে মুম্বাইত এই চেম্পিয়নশ্বিপখনৰ প্ৰমোচনৰ বাবে আহিল জামাইকাৰ তাৰকা এথলীট য়াহান ব্লেক। এথলীটজনৰ উপস্থিতিত উন্মোচন কৰা হয় দলসমূহৰ জাৰ্ছী আৰু টিকট। অনুষ্ঠানত উপস্থিত থাকি ব্লেকে কয় – প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহি মই যথেষ্ট সুখী। দেশত পথ দুৰ্ঘটনা ৰোধৰ বাবে এই চেম্পিয়নশ্বিপ এক সুন্দৰ প্লেটফৰ্ম। প্ৰতিযোগিতাখনৰ পূৰ্বে আয়োজকসকলে ভাৰতৰ ৭১ হাজাৰ বিদ্যালয়ত প্ৰচাৰ চলাব পথ সুৰক্ষাৰ বাবে। জাৰ্ছী মুকলি অনুষ্ঠানত ব্লেকৰ লগতে উপস্থিত আছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰউদ্দিনৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি