টকিঅ' অলিম্পিকত অসমকন্যা লাভলীনাৰ সগৌৰৱ প্ৰত্যাৱৰ্তনৰ বাবে অসম চৰকাৰৰ যুদ্ধকালীন প্ৰস্তুতি। গীত–মাত অভিনয় সকলো দিশেৰে অসম কন্যা লাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ।
আজি নেহৰু যুৱ সংগঠনৰ উদ্যোগত তথা নভিন ৱেলফেয়াৰ ছ'চাইটীৰ সহযোগত আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সমুখত CHEER FOR INDIA শীৰ্ষক উদগনিমূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। "RUN TOKYO 2020" অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ ভাষণত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নৱাগত ক্ৰীড়াবিদসকলক লাভলীনাৰ আদৰ্শেৰে আগবাঢ়ি যাবলৈ অনুৰোধ জনায়।
উপায়ুক্ত কাৰ্যালয়ৰ পৰা আই আই টি গেটলৈ উলিওলা উদগনিমূলক দৌৰৰ ফ্লেগ অফ কৰে বিজেপিৰ সভাপতি ভৱেশ কলিতাই। অনুষ্ঠানৰ পূৰ্বে শুৱালকুছিৰ স্পেচিফিক ক্ৰিয়েচনে প্ৰস্তুত কৰা 'আমি খেলিম আমি জিকিমেই' পৰিৱেশন কৰে। কামৰূপ প্ৰশাসনৰ লগতে নেহৰু যুৱ কেন্দ্ৰৰ সঞ্চালিকা জে ৰুইভা, SAI RD সতীশ চাৰাদে সমন্ৱিতে ক্ৰীড়াপ্ৰেমী লোকে অংশগ্ৰহণ কৰি অসম কন্যা লাভলীনাক উৎসাহ যোগোৱাৰ প্ৰয়াস কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|