ৰোহিত শৰ্মাক লৈ আনন্দিত কোহলীয়ে ক’লে – ৰোহিতৰ এয়া সৰ্বোৎকৃষ্ট ইনিংছ

খেলৰ পিছত ৰোহিত শৰ্মাই কয় যে – মই স্বাভাৱিকভাৱে খেলিব পৰা নাই। মই এনেকুৱা বহু শ্বট খেলা নাই যিবোৰ সাধাৰণতে খেলি আহিছো। মই বহু বল এৰি দিবলগীয়া হৈছে।

news18assam
Updated:June 6, 2019, 7:20 AM IST
ৰোহিত শৰ্মাক লৈ আনন্দিত কোহলীয়ে ক’লে – ৰোহিতৰ এয়া সৰ্বোৎকৃষ্ট ইনিংছ
খেলৰ পিছত ৰোহিত শৰ্মাই কয় যে – মই স্বাভাৱিকভাৱে খেলিব পৰা নাই। মই এনেকুৱা বহু শ্বট খেলা নাই যিবোৰ সাধাৰণতে খেলি আহিছো। মই বহু বল এৰি দিবলগীয়া হৈছে।
news18assam
Updated: June 6, 2019, 7:20 AM IST
বিশ্বকাপৰ প্ৰথমখন খেলতে শতৰান অৰ্জন কৰা ৰোহিত শৰ্মাৰ প্ৰশংসাত এতিয়া সকলো পঞ্চমুখ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১২২ ৰানৰ ইনিংছ উপহাৰ দি টীম ইণ্ডিয়াক জয়ৰ লক্ষ্য উপনীয় কৰায় ৰোহিত শৰ্মাই। টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়েও ৰোহিত শৰ্মাৰ এই ইনিংছটো এইপৰ্যন্ত তেওঁৰ সৰ্বোৎকৃষ্ট ইনিংছ বুলি কয়।

বিৰাট কোহলীৰ এই মন্তব্য অতি গুৰুত্বপূৰ্ণ। এইপৰ্যন্ত ৰোহিত শৰ্মাই এদিনীয়াত ২৩টা শতৰান কৰিছে। ইয়াৰ ভিতৰত আছে তিনিটা দ্বিশতক। তেনেস্থলত এই ইনিংছটোক কিয় সৰ্বোৎকৃষ্ট বুলি ক’লে কোহলীয়ে। ইয়াৰ আঁৰত দুটা কাৰণ আছে বুলি ক’লে কোহলীয়ে। প্ৰথমটো হ’ল বিশ্বকাপৰ চাপ আৰু দ্বিতীয়টো প্ৰথম মেচতে দলক জয়ী কৰোৱাৰ দায়িত্ব।

কোহলীয়ে ৰোহিত শৰ্মাৰ এই ইনিংছটোক লৈ কয় – মোৰ হিচাপত এয়া তেওঁৰ এইপৰ্যন্ত সৰ্বোৎকৃষ্ট এদিনীয়া ইনিংছ। কিয়নো বিশ্বকাপৰ খেলুৱৈৰ ওপৰত যথেষ্ট চাপ থাকে।

অৱশ্যে নিজৰ এই ইনিংছটোক লৈ সন্তুষ্ট নহয় ৰোহিত শৰ্মা নিজেও। খেলৰ পিছত ৰোহিত শৰ্মাই কয় যে – মই স্বাভাৱিকভাৱে খেলিব পৰা নাই। মই এনেকুৱা বহু শ্বট খেলা নাই যিবোৰ সাধাৰণতে খেলি আহিছো। মই বহু বল এৰি দিবলগীয়া হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি