ঋষভ পন্তৰ সংঘৰ্ষময় জীৱন, কেতিয়াবা খাবলৈও পোৱা নাছিল ঋষভে

পন্তে যেতিয়া নিজৰ কেৰিয়াৰৰ বাবে ৰুৰকীৰ পৰা দিল্লীলৈ আহিছিল তেতিয়া তাত তেওঁক কোনো লোকক চিনি পোৱা নাছিল, থকাৰ বাবে ঘৰ নাছিল।

news18assam
Updated:June 12, 2019, 3:23 PM IST
ঋষভ পন্তৰ সংঘৰ্ষময় জীৱন, কেতিয়াবা খাবলৈও পোৱা নাছিল ঋষভে
পন্তে যেতিয়া নিজৰ কেৰিয়াৰৰ বাবে ৰুৰকীৰ পৰা দিল্লীলৈ আহিছিল তেতিয়া তাত তেওঁক কোনো লোকক চিনি পোৱা নাছিল, থকাৰ বাবে ঘৰ নাছিল।
news18assam
Updated: June 12, 2019, 3:23 PM IST
সপোন প্ৰতিজন লোকেই দেখে। কিন্তু সপোন সাকাৰ কৰাৰ ইচ্ছাশক্তি আৰু একাগ্ৰতাই আপোনাক লক্ষ্যত উপনীত কৰোৱায়। লক্ষ্যস্থান পোৱাৰ এই পথছোৱাত থাকে অনেক সংঘৰ্ষ, খলা–বমা। টীম ইণ্ডিয়াৰ প’ষ্টাৰ বয় ঋষভ পন্তৰ জীৱনৰ কাহিনীও ঠিক এনেকুৱাই। একাংশই তেওঁক তুলনা কৰে আডাম গিলখ্ৰীষ্টৰ সৈতে, কিন্তু নিজে বীৰেন্দ্ৰ ছেহৱাগৰ প্ৰশংসক ঋষভ।

চলিত বিশ্বকাপত শিখৰ ধৱনৰ আঘাত টীম ইণ্ডিয়াৰ বাবে এক মোক্ষম আঘাত। কিন্তু এতিয়া আগলৈ কি হ’ব তাক লৈ চলিছে চৰ্চা। কোনে ল’ব শিখৰ ধৱনৰ স্থান। ঋষভ পন্তৰ বিষয়ে কম সংখ্যক লোকেহে জানে কিদৰে তেওঁৰ ভাগ্য ইমান কম সময়তে সলনি হ’ল।

২০১৬ চনলৈ ঋষভ ১৪ বছৰ অনূৰ্ধ্ব আৰু ১৬ বছৰ অনূৰ্ধ্বৰ ক্ৰিকেট খেলিছিল। সেই সময়ত তেওঁক কোনেও চিনি পোৱা নাছিল। কিন্তু বিগত বৰ্ষত ১৯ বছৰ অনূৰ্ধ্বৰ বিশ্বকাপত এইগৰাকী যুৱ খেলুৱৈয়ে আকৰ্ষণীয় প্ৰদৰ্শনেৰে নিশাটোৰ ভিতৰতে চৰ্চালৈ আহিছিল। এই টুৰ্ণামেণ্টত গড়ে ৪৪.৫০কৈ ঋষভে সংগ্ৰহ কৰিছিল ২৬৭ ৰান।

কেনেকৈ আৰম্ভ হৈছিল ১২ বছৰীয়া ঋষভৰ যাত্ৰা
ক্লাব ক্ৰিকেটৰ পৰাই ঋষভে আৰম্ভ কৰিছিল যাত্ৰা। তেতিয়া তেওঁ দিল্লীৰ প্ৰখ্যাত ক্লাব ছোনেটৰ হৈ খেলিছিল। এই ক্লাবৰ কোচ তাৰক সিনহাই পন্তৰ এক আমোদজনক কাহিনী কৈছিল। সিনহাই কৈছিল, আমি এখন টেলেণ্ট হাণ্টৰ আয়োজন কৰিছিলো। পন্তে যেতিয়া ইয়াৰ বিষয়ে শুনিলে তেতিয়া তেওঁ ইয়াত অংশগ্ৰহণ কৰিবলৈ মাতৃৰ সৈতে পোনে পোনে ৰুৰকীৰ পৰা দিল্লীলৈ আহিছিল। তেতিয়া তেওঁৰ বয়স আছিল প্ৰায় ১২ বছৰ। পন্তে ১২ বছৰ অনূৰ্ধ্বৰ টুৰ্ণামেণ্টত তিনিটা শতক অৰ্জন কৰিছিল আৰু মেন অব দ্য টুৰ্ণামেণ্ট হৈছিল। প্ৰতিভাৰ বলত পন্তে ছোনেটত স্থান লাভ কৰিছিল। তাৰ পিছত তেওঁক ১৯ বছৰ অনূৰ্ধ্বৰ দললৈ নিৰ্বাচন কৰা হয়।

গুৰুদ্বাৰত থাকি অনুশীলন
পন্তে যেতিয়া নিজৰ কেৰিয়াৰৰ বাবে ৰুৰকীৰ পৰা দিল্লীলৈ আহিছিল তেতিয়া তাত তেওঁক কোনো লোকক চিনি পোৱা নাছিল, থকাৰ বাবে ঘৰ নাছিল। কিন্তু ঋষভে সিদ্ধান্ত লৈছিল যে তেওঁ হাৰি নাযায়। শেষত মতীবাগৰ এটা গুৰুদ্বাৰত থকাৰ ঠাই পাইছিল ঋষভে। গুৰুদ্বাৰৰ খাদ্য খাই অনুশীলনৰ বাবে গৈছিল তেওঁ। কেইবামাহো এইদৰে কটাইছিল ঋষভে। লাহে লাহে ঋষভে চেষ্টাৰ বলত এটা কোঠা ভাৰালৈ লৈছিল।

আই পি এলত ১৯ গুণ অধিক দামত ক্ৰয়
আই পি এলত দিল্লী দলে ১০ লাখ টকাৰ বেছ প্ৰাইজৰ ঋষভক ১.৯ কোটি খৰচ কৰি নিজৰ দলৰ অংশীদাৰ কৰিছিল। সেই সময়ত পন্তৰ বয়স আছিল ১৮ বছৰ। ২০১৮ চনত দিল্লীয়ে ১৫ কোটি টকাত কিনিছিল ঋষভক।

পিতৃৰ মৃত্যুৰ দুদিন পিছত ৫৭ ৰান
ঋষভ পন্ত তেতিয়া আই পি এল ২০১৭ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সদস্য আছিল যেতিয়া পিতৃ ৰাজেন্দ্ৰ পন্তৰ মৃত্যুৰ খবৰ লাভ কৰিছিল। বুধবাৰে পিতৃৰ দেহাৱসান ঘটিছিল। পন্তে শীঘ্ৰে ৰুৰকীলৈ ৰাওনা হৈছিল। পিতৃৰ অন্তিম সংস্কাৰৰ পৰা উভতি শুকুৰবাৰে দলত যোগদান কৰিছিল। পৰৱৰ্তী খেলত দিল্লী ডেয়াৰডেভিল্ছৰ বিৰুদ্ধে ৩৬ বলত সংগ্ৰহ কৰিছিল ৫৭ ৰান।

২০১৯ বৰ্ষটোৱে আনন্দ কঢ়িয়াই আনিছিল ঋষভলৈ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১৯ত ঋষভ পন্তে মুঠ ১৬খন মেচ খেলিছিল। দিল্লী কেপিটেলছৰ এই খেলুৱৈগৰাকীয়ে গড়ে ৩৭.৫৩কৈ সংগ্ৰহ কৰিছিল ৪৮৮ ৰান। ঋষভৰ ষ্ট্ৰাইক ৰেট আছিল ১৬২.৬৬ আৰু সৰ্বোচ্চ স্ক’ৰ আছিল ৭৮।

অষ্ট্ৰেলিয়াত জিকাইছিল টেষ্ট ছিৰিজ
ঋষভ পন্তে ২০১৮–১৯ৰ অষ্ট্ৰেলিয়া ভ্ৰমণত দেখুৱাবলৈ সক্ষম হৈছিল উন্নত প্ৰদৰ্শন। টীম ইণ্ডিয়াৰ ছিৰিজ দখলত ঋষভৰ ভূমিকা আছিল উল্লেখনীয়। পন্তে চাৰিখন মেচৰ ৭টা ইনিংছত সংগ্ৰহ কৰিছিল মুঠ ৩৫০ ৰান। সৰ্বোচ্চ স্ক’ৰ আছিল ১৫৯ ৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি