ঋষভ পণ্টৰ শেহতীয়া মন্তব্যক লৈ অনুৰাগীয়ে কৰিছে ঠাট্টা, কিয়?

ৱেষ্টইণ্ডিজ ভ্ৰমণৰ পূৰ্বে ঋষভ পণ্টৰ মন্তব্য শুনি অনুৰাগীয়ে তেওঁক উপহাস কৰিছে। 

News18
Updated:July 28, 2019, 9:04 PM IST
ঋষভ পণ্টৰ শেহতীয়া মন্তব্যক লৈ অনুৰাগীয়ে কৰিছে ঠাট্টা, কিয়?
ৱেষ্টইণ্ডিজ ভ্ৰমণৰ পূৰ্বে ঋষভ পণ্টৰ মন্তব্য শুনি অনুৰাগীয়ে তেওঁক উপহাস কৰিছে। 
News18
Updated: July 28, 2019, 9:04 PM IST
এম এছ ধোনীৰ কেৰিয়াৰ এতিয়া স্তিমিত আৰু তেওঁৰ উত্তৰাধিকাৰী ৰূপে চোৱা হৈছে যুৱ ক্ৰিকেটাৰ ঋষভ পণ্টক। ৩ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ৱেষ্টইণ্ডিজ ভ্ৰমণৰ কাৰণে ঋষভ পণ্ট টীম ইণ্ডিয়াৰ মূল উইকেট কীপাৰ। নিৰ্বাচন কৰোতাসকলে স্পষ্টভাৱে কৈছে যে পৰৱৰ্তী বিশ্বকাপলৈ ঋষভ পণ্টক অধিকতম সুযোগ দিয়া হ’ব আৰু ধোনীয়ে তেওঁৰ খেল ঠিক কৰিবলৈ সহায় কৰিব। এই বৃহৎ দায়িত্ব কান্ধ পাতিও লৈছে ঋষভ পণ্টে। কিন্তু শেহতীয়াকৈ ৱেষ্টইণ্ডিজ ভ্ৰমণৰ পূৰ্বে পণ্টে দিয়া এক মন্তব্যক লৈ অনুৰাগীয়ে তেওঁক তুমুল উপহাস কৰিছে। 

পণ্টে কৈছিল এই কথা

আইপিএল টীম দিল্লী কেপিটেল্সে ঋষভ পণ্টৰ এক মন্তব্য টুইট কৰিছে য’ত কোৱা হৈছে যে তেওঁৰ খেলাৰ কোনো নিৰ্দিষ্ট শৈলী নাই আৰু তেওঁ পৰিস্থিতি চাই খেল খেলে। পণ্টৰ এই মন্তব্য অনুৰাগীয়ে হজম কৰিব নোৱাৰি সুধিয়ে পেলালে যে তেনেহ’লে বিশ্বকাপৰ ছেমি ফাইনেলত পণ্টৰ কি হৈছিল। অৱশ্যে একাংশ অনুৰাগীয়ে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে তেওঁক শুভেচ্ছাও জ্ঞাপন কৰে। 

উল্লেখযোগ্য যে বিশ্বকাপৰ ছেমিফাইনেলত ঋষভ পণ্টে একেবাৰে দায়িত্বহীন ভাৱে শ্বট খেলি আউট হৈছিল। পণ্টে মিছেল চেণ্টনৰৰ বলত ছয় কোবোৱাৰ নামত নিজৰ উইকেটৰ পতন ঘটাইছিল। ৩২ৰাণ কৰি আউট হোৱা পণ্টৰ দায়িত্বহীন শ্বটক লৈ যথেষ্ট প্ৰশ্ন কৰা হৈছিল।

আনহাতে চতুৰ্থ স্থানত বেটিং কৰাক লৈ পণ্টৰ মন্তব্য তেওঁ চতুৰ্থ স্থানত বেটিং কৰিবলৈ ভাল পায় আৰু আইপিএলটো তেওঁ চতুৰ্থ স্থানত বেটিং কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি