টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে বিগত কিছুদিন ধৰি দুৰ্বল শ্বট ছিলেকচনৰ বাবে বাহিৰ হোৱা ঋষভ পন্তক দিছে সকীয়নি। ধৰ্মশালাত ঋষভ পন্তক লৈ ৰবি শাস্ত্ৰীয়ে কয় যে যদি ঋষভ পন্তে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ সময়ত কৰা ভুল পুনৰ কৰে তেন্তে তাৰ পৰিণাম ভুগিব লাগিব। শাস্ত্ৰীয়ে পৰোক্ষভাৱে কয় যে যুৱ খেলুৱৈগৰাকীয়ে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ সময়ত নিৰাশ কৰিছে। এখন এদিনীয়া খেলত প্ৰথমটো বলতে আউট হৈছিল ঋষভ।
‘আমি এই বিষয়টোৰ ক্ষেত্ৰত পন্তক ৰেহাই দিছো। তেওঁ ত্ৰিনিদাদত প্ৰথমটো বলতে যিধৰণৰ শ্বট খেলি আউট হৈছিল, যদি সেয়া পুনৰাবৃত্তি হয় তেন্তে ইয়াৰ পৰিণাম ভুগিব লাগিব।’ – এইদৰে কয় টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে। ষ্টাৰ স্প’ৰ্টছক দিয়া এক সাক্ষাৎকাৰত শাস্ত্ৰীয়ে কয় যে নিজে নিৰাশ হোৱাটো পিছৰ কথা, পন্তে দলক নিৰাশ কৰিছে। যেতিয়া ক্ৰীজত অধিনায়ক থাকে আৰু লক্ষ্য অনুসৰণ কৰি থকা হয়, সেই সময়ত চিন্তা কৰি খেলিব লাগিব।
ৰবি শাস্ত্ৰীয়ে কয় যে পন্তৰ সক্ষমতাক লৈ কোনেও প্ৰশ্ন উঠাব নোৱাৰে, কিন্তু যদি তেওঁ শ্বট নিৰ্বাচন আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত নিজকে সংশোধন কৰে তেন্তে তেওঁক ৰখোৱাটো সহজ নহ’ব। তেওঁক এয়া বুজাত এখন বা চাৰিখন মেচ লাগিব পাৰে। পন্তে আইপিএলত বহু মেচ
খেলিছে, তেওঁ শিকিব। এতিয়া দায়িত্ব লৈ নিজৰ সক্ষমতা প্ৰতিপণ্ণ কৰাৰ সময় আহিছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|