অনিশ্চয়তা আঁতৰিল! গুৱাহাটীত হ’ব IPLৰ দুখন মেচ

News18 Assam | News18-Assam
Updated:February 14, 2020, 5:17 PM IST
অনিশ্চয়তা আঁতৰিল! গুৱাহাটীত হ’ব IPLৰ দুখন মেচ
আগন্তুক IPLৰ ছিজনত ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাগ ল’ব দুখন মেচত।

আগন্তুক IPLৰ ছিজনত ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাগ ল’ব দুখন মেচত।

  • Share this:
আগন্তুক IPLৰ ছিজনত ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাগ ল’ব দুখন মেচত। এই কথা টুইটাৰ যোগে জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে তিনিখন মেচ খেলিবলৈ বিচিচিআইে অনুমতি দিছিল যদিও এতিয়া গুৱাহাটীত IPLৰ দুখন খেলহে অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, ৰাজস্থানৰ পৰা অসমলৈ আই পি এলৰ তিনিখন খেল স্থানান্তৰ কৰাৰ প্ৰতিবাদ জনাই ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে বিমল চৌধুৰী নামৰ এজন যুৱকে। যাৰ ফলত অসমত IPL খেল অনুষ্ঠিত হোৱাত কিছু অনিশ্চয়তাই দেখা দিছিল।


আৰু চাওক
পৰৱৰ্তী বাতৰি