খেলপথাৰত চমক সৃষ্টি কৰিছে এসময়ৰ টীম ইণ্ডিয়াৰ ‘দ্য ৱাল’খ্যাত খেলুৱৈ ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়ে। ১৪ বছৰীয়া পুত্ৰই দুমাহৰো কম সময়ত দ্বিতীয়টো দ্বি–শতৰান সংগ্ৰহ কৰি সকলোকে আচৰিত কৰি তুলিলে। জুনিয়ৰ ক্ৰিকেটত নিজৰ প্ৰতিভাৰ পূৰ্বেই প্ৰমাণ দিছে সমিতে।
শেহতীয়াকৈ ১৪ বছৰ অনূৰ্ধ্ব গ্ৰুপ ১, ডিভিজন ২ৰ বিটিআৰ শ্বীল্ড টুৰ্ণামেণ্টত নিজৰ দ্বিতীয়টো দ্বি–শতৰান সংগ্ৰহ কৰে। সমিতে মালিয়া অদিতি ইণ্টাৰনেচনেল স্কুলৰ ফালৰ পৰা খেলি ৩৩টা বাউণ্ডেৰীৰ সহায়ত ২০৪ ৰান সংগ্ৰহ কৰে। সমিতৰ এই ইনিংছৰ সহায়ত দলে ৩ উইকেটত সংগ্ৰহ কৰে ৩৭৭ ৰান।
কেৱল বেটিঙতে নহয়, সমিত দ্ৰাবিড়ে বলিঙতো সমানে দেখুৱালে পাৰদৰ্শিতা। আকৰ্ষণীয় দ্বি–শতৰানৰ পিছত বলিং কৰিবলৈ লোৱা সমিতে বিপক্ষৰ দুই বেটছমেনক দেখুৱায় পেভিলিয়নৰ বাট। সমিতৰ অলৰাউণ্ডাৰ প্ৰদৰ্শনৰ সহায়ত বিপক্ষ দল শ্ৰীকুমাৰন ১১০ ৰানতে ক্ষান্ত থাকিবলগীয়া হয়। ইয়াৰ জৰিয়তে সমিতৰ দলে খেলখনত ২৬৭ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। উল্লেখযোগ্য যে ২০১৯ চনত ২৫৬ বলত সমিত দ্ৰাবিড়ে কৰিছিল ২০১ ৰান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|