ধোনীৰ গ্ল’ভছক লৈ পাকিস্তানৰ মন্ত্ৰীৰ মন্তব্য – ধোনী ক্ৰিকেট খেলিবলৈ গৈছে, মহাভাৰতৰ বাবে নহয়

ICC–এ ইয়াক নীতিবিৰুদ্ধ আখ্যা দি বৃহস্পতিবাৰে BCCIক এই বেজ আঁতৰোৱাৰ বাবে অনুৰোধ জনাইছে।

news18assam
Updated:June 7, 2019, 1:16 PM IST
ধোনীৰ গ্ল’ভছক লৈ পাকিস্তানৰ মন্ত্ৰীৰ মন্তব্য – ধোনী ক্ৰিকেট খেলিবলৈ গৈছে, মহাভাৰতৰ বাবে নহয়
ICC–এ ইয়াক নীতিবিৰুদ্ধ আখ্যা দি বৃহস্পতিবাৰে BCCIক এই বেজ আঁতৰোৱাৰ বাবে অনুৰোধ জনাইছে।
news18assam
Updated: June 7, 2019, 1:16 PM IST
চলিত বিশ্বকাপৰ প্ৰথমখন মেচত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ গ্ল’ভছত দেখা গৈছিল পেৰা মিলিটেৰী ফ’ৰ্চৰ বেজ। এই বিষয়ক লৈ ছচিয়েল মিডিয়াত চলিছিল ব্যাপক চৰ্চা। শেহতীয়াকৈ এই সন্দৰ্ভত মন্তব্য কৰিছে পাকিস্তানৰ এজন মন্ত্ৰীয়ে। টুইটাৰত পাকিস্তানৰ মন্ত্ৰী চৌধৰী ফৱাহ হুছেইনে লিখিছে – ‘ধোনী ইংলেণ্ডত ক্ৰিকেট খেলিবলৈ গৈছে, মহাভাৰতৰ বাবে নহয়। ভাৰতীয় মিডিয়াত ইয়াক লৈ কি আলোচনা চলি আছে... একাংশ মিডিয়াই যুদ্ধৰে ইমান প্ৰভাৱিত যে তেওঁলোকক ছিৰিয়া, আফগানিস্তান বা ৰাৱাণ্ডালৈ পঠিওৱা উচিত।’



উল্লেখযোগ্য যে, ICC–এ ইয়াক নীতিবিৰুদ্ধ আখ্যা দি বৃহস্পতিবাৰে BCCIক এই বেজ আঁতৰোৱাৰ বাবে অনুৰোধ জনাইছে। ইফালে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচত ধোনীয়ে ব্যৱহাৰ কৰা উইকেট কিপিং গ্ল’ভছত পেৰা মিলিটেৰী ফ’ৰ্চৰ বেজক লৈ ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা। ভাৰতীয় সেনাক সন্মান জনাই ধোনীয়ে এই বেজ ব্যৱহাৰ কৰাক লৈ এতিয়া প্ৰশংসা কৰিছে বিভিন্নজনে। উল্লেখযোগ্য যে ক্ৰীড়াক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ধোনীক সন্মানজনকভাৱে প্ৰদান কৰা হৈছিল ভাৰতীয় সেনাৰ পেৰা স্পেচিয়েল ফ’ৰ্চৰ লেফটেনেণ্ট কৰ্ণেল পদ।
আৰু চাওক পৰৱৰ্তী বাতৰি