ভাৰত-ওমানৰ মাজত হ’বলগীয়া ফুটবল মেচৰ বাবে সাজু গুৱাহাটী, ৫ ছেপ্তেম্বৰৰ পৰা উপলব্ধ হ’ব টিকট

৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৭:৩০ বজাত অনুষ্ঠিত হ’ব হাই ভল্টেজ মেচখন

News18-Assam
Updated:August 24, 2019, 6:06 PM IST
ভাৰত-ওমানৰ মাজত হ’বলগীয়া ফুটবল মেচৰ বাবে সাজু গুৱাহাটী, ৫ ছেপ্তেম্বৰৰ পৰা উপলব্ধ হ’ব টিকট
৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৭:৩০ বজাত অনুষ্ঠিত হ’ব হাই ভল্টেজ মেচখন
News18-Assam
Updated: August 24, 2019, 6:06 PM IST
বিপুল বৰ্মন: ৫ ছেপ্তেম্বৰত গুৱাহাটীৰ সৰু-সজাই ষ্টেডিয়ামত অনুষ্ঠিত হব ভাৰত আৰু ওমানৰ মাজত ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল। খেলখনৰ সফল আয়োজনৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে অসম ফুটবল সন্থা। শনিবাৰে সংবাদ মেলত এই কথা জনাই অসম ফুটবলৰ সভাপতি তথা মন্ত্ৰী নৱ কুমাৰ দলে। সম্মানীয় খেলখনৰ বাবে ২৩ হাজাৰ টিকট মুকলি কৰিব আয়োজক সকলে।



১৫ হাজাৰ টিকট বিক্ৰী কৰাৰ উপৰি ৮ হাজাৰ টিকট প্ৰাক্তন খেলুৱৈ, সংগঠক আৰু জিলা ক্ৰীড়া সন্থা সমুহক প্ৰদান কৰিব। টিকটৰ সৰ্বাধিক নিৰিখ ২০০ টকা আৰু সৰ্বনিম্ন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ টকা ধাৰ্য্য কৰিছে অসম ফুটবলে। টিকট সমুহ ইতিমধ্যে বুক মাই শ্বোৰ জৰিয়তে বিক্ৰীৰ বাবে মুকলি কৰিছে। খেলখন ৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৭:৩০ বজাত অনুষ্ঠিত হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি