সপোন পূৰণ হ’ব মুখ্যমন্ত্ৰীৰ, অচিৰেই দেশৰ ক্ৰীড়া ৰাজধানী হ’ব গুৱাহাটী

News18 Assam | News18-Assam
Updated:November 29, 2019, 8:30 PM IST
সপোন পূৰণ হ’ব মুখ্যমন্ত্ৰীৰ, অচিৰেই দেশৰ ক্ৰীড়া ৰাজধানী হ’ব গুৱাহাটী
সপোন বাস্তৱত ৰূপায়িত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সপোন বাস্তৱত ৰূপায়িত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

  • Share this:
মুখ্যমন্ত্ৰীৰ সপোন অচিৰেই বাস্তৱত ৰূপায়িত হ’ব। দেশৰ ক্ৰীড়াক্ষেত্ৰৰ ৰাজধানী হোৱাৰ দিশে অগ্ৰসৰ হৈছে উত্তৰ-পূৱৰ দুৱাৰমূখ স্বৰূপ গুৱাহাটী। কিছুদিন পিছত গুৱাহাটীৰ পৰাই নিয়ন্ত্ৰণ হ’ব ভাৰতবৰ্ষৰ ক্ৰীড়া! নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যালয়ত ক্ৰীড়া মন্ত্ৰীৰ দায়িত্বত থাকোতেই সৰ্বানন্দ সোণোৱালে গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী কৰাৰ সপোন দেখিছিল। সেইসময়তেই আনকি কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত গুৱাহাটীয়ে অনুষ্ঠিত কৰিছিল দক্ষিণ এছিয়াৰ সন্মানীয় ছাফ গেমছ, ২০১৬।

পৰৱৰ্তী সময়ত ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লৈ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে গুৱাহাটীতে এটাৰ পিছত আনটো ইভেণ্ট অনুষ্ঠিত কৰি দেখুৱাই দিছে নিজৰ পাৰদৰ্শিতা। সেয়ে এতিয়া দেশৰ ক্ৰীড়াপ্ৰেমীৰ চৰ্চিত নাম হৈ পৰিছে গুৱাহাটী। সৌ সিদিনালৈ এই গুৱাহাটীৰ নাম শুনিলে খেলুৱৈ খেলিবলৈ আহিবলৈ ভয় খাইছিল মহানগৰীলৈ। তাৰ বিপৰীতে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ গুৱাহাটীয়ে পুৰুষৰ ১৭ বছৰৰ অনূৰ্ধ ফিফা বিশ্বকাপৰ পিছত এতিয়া মহিলাৰ ১৭ বছৰৰ অনূৰ্ধ বিশ্বকাপ ফুটবল অনুষ্ঠিত কৰিবলৈ সগৌৰৱে আগবাঢ়িছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সপোনৰ প্ৰস্তাৱিত ক্ৰীড়া ৰাজধানীত গ্লেমাৰীয়াছ ফিফা বিশ্বকাপ, আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট, বেডমিণ্টন লীগ, আই এছ এল, আইবা বিশ্ব বক্সিঙৰ লগতে আন বহু আন্ত:ৰাষ্ট্ৰীয় ইভেন্ট অনুষ্ঠিত হৈছে। সকলো কেইটা ইভেণ্টৰ সফল আয়োজনকে সম্বল হিচাপে লৈ গুৱাহাটীয়ে এইবাৰ আয়োজন কৰিবলৈ আগবাঢ়িছে খেলো ইণ্ডিয়া, ফিফা ১৭ অনূৰ্ধৰ মহিলা বিশ্বকাপ, টইচা ক্ৰীড়া বটা, আইপিএল আৰু টি-২০ ক্ৰিকেট। বর্ষাপাৰাই হওক বা সৰু-সজাই ষ্টেডিয়াম হওক বা অন্যান্য আন্ত:গাঠনিয়েই হওক আটাইবোৰ আন্ত:গাঠনি এতিয়া আগন্তুক খেল সমুহৰ বাবে সাজু।

অসম অলিম্পিক সন্থাৰ সভাপতিহৈ ক্ৰীড়া দপ্তৰ নিজে ৰাখি মুখ্যমন্ত্ৰীয়েও নিজাববীয়াকৈ চেষ্টা চলাইছে গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী কৰাৰ বাবে। সমান্তৰাল ভাৱে সাম্প্ৰতিক সময়তে অসমে শিৱ থাপা, হিমা দাসৰ পৰা ৰদালি বৰুৱা, অস্মিতা চলিয়া, লাভলিনা বৰগোঁহাই আৰু যমুনা বড়োলৈ বহু সফল খেলুৱৈৰ জন্ম দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি