গুৱাহাটীত হ’বলগীয়া ভাৰত–শ্ৰীলংকাৰ মেচত নেদেখিব চাৰি–ছয়! কিন্তু কিয়?

News18 Assam | News18-Assam
Updated:January 4, 2020, 5:33 PM IST
গুৱাহাটীত হ’বলগীয়া ভাৰত–শ্ৰীলংকাৰ মেচত নেদেখিব চাৰি–ছয়! কিন্তু কিয়?
Source-Google

অনুৰাগীয়ে লগত নিব নোৱাৰিব জাতীয় পতাকাও।

  • Share this:
ৰাজ্যত চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতে কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত টি–২০ মেচ। কিন্তু মেচখনত নেদেখিব কোনো ধৰণৰ চাৰি ছয়! কিয় জানেনে?

প্ৰশাসনে ইতিমধ্যে খেলখনৰ বাবে বহু নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰিছে। খেলপথাৰলৈ দৰ্শকে নিব নোৱাৰিব আনকি জাতীয় পতাকা। সেইদৰে কোনোধৰণৰ চাৰি, ছয় উল্লেখিত পোষ্টাৰো নিষিদ্ধ কৰিছে খেলৰ আয়োজকে। উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্লোগান লিখি খেলৰ মাজত প্ৰদৰ্শন কৰিব বুলিয়েই এনেদৰে পষ্টাৰ নিয়াতো নিষিদ্ধ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি