உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • বিশ্বৰ ক্ৰীড়াক্ষেত্ৰৰ ১০গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত নীতা আম্বানী

    বিশ্বৰ ক্ৰীড়াক্ষেত্ৰৰ ১০গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত নীতা আম্বানী

    নীতা আম্বানীয়ে আই পি এলৰ ইতিহাসত সৰ্বাধিক সফল দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ মুম্বাই ইণ্ডিয়ান্ছক সফল নেতৃত্ব দিয়াৰ লগতে দেশৰ আন বহু ক্ৰীড়া প্ৰকল্পৰ সৈতে জড়িত।

    • Share this:
    মুম্বাই ইণ্ডিয়ানছ ক্ৰিকেট দলৰ স্বত্বাধিকাৰী নীতা আম্বানী ২০২০ বৰ্ষৰ বিশ্বৰ ক্ৰীড়াক্ষেত্ৰৰ ১০গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছে। এই তালিকাত আছে ছেৰেনা উইলিয়ামছ, জিমনাষ্ট ছিমন বিল্ছৰ দৰে তাৰকা। স্প’ৰ্টছ বিজনেছ নেটৱৰ্ক iSportconnect–এ শেহতীয়াকৈ প্ৰকাশ কৰিছে ২০২০ বৰ্ষৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰভাৱশালী মহিলাৰ তালিকা। ২৫গৰাকী মহিলাৰ মাজৰ পৰা বিশেষজ্ঞ পেনেলে বাছনি কৰে ১০গৰাকী মহিলাক।

    নীতা আম্বানীয়ে আই পি এলৰ ইতিহাসত সৰ্বাধিক সফল দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ মুম্বাই ইণ্ডিয়ান্ছক সফল নেতৃত্ব দিয়াৰ লগতে দেশৰ আন বহু ক্ৰীড়া প্ৰকল্পৰ সৈতে জড়িত। এই তালিকাত আছে জিমনাষ্ট ছিমন বিল্ছ, ফুটবলাৰ, মেগান ৰেপিন’, টেনিছ তাৰকা ছেৰেনা উইলিয়ামছ, নাওমি ওছাকা, ফৰ্মূলা ১ৰ মাৰ্কেটিং আৰু কমিউনিকেচন সঞ্চালক এলি নৰ্মান আদি ব্যক্তিয়ে।

    উল্লেখযোগ্য যে নীতা আম্বানীৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ান্ছ দলে চাৰিবাৰকৈ লাভ কৰিছে IPLৰ খিতাপ। iSportconnect–ৰ মতে মূল শ্বৰ্টলিষ্টত আছিল টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ নামো।
    Published by:Sanjay Kumar Das
    First published: