বিবাহপাশত আবদ্ধ হ’ল ফুটবলাৰ হলীচৰণ নাৰ্জাৰী, বিয়াৰ পিছতে পুনৰ যোগ দিলে টীম ইণ্ডিয়াত

News18-Assam
Updated:October 9, 2019, 7:35 PM IST
বিবাহপাশত আবদ্ধ হ’ল ফুটবলাৰ হলীচৰণ নাৰ্জাৰী, বিয়াৰ পিছতে পুনৰ যোগ দিলে টীম ইণ্ডিয়াত
কোকৰাঝাৰৰ বাতাবাৰী গাঁৱত সম্পূৰ্ণ বড়ো ৰীতি–নীতি অনুযায়ী বিবাহ হয় হলিচৰণ আৰু গীতাঞ্জলিৰ।

কোকৰাঝাৰৰ বাতাবাৰী গাঁৱত সম্পূৰ্ণ বড়ো ৰীতি–নীতি অনুযায়ী বিবাহ হয় হলিচৰণ আৰু গীতাঞ্জলিৰ।

  • Share this:
বিপুল বৰ্মন : ভাৰতীয় ফুটবল দলৰ নিৰ্ভৰযোগ্য মিডফিল্ডাৰ হলিচৰণ নাৰ্জাৰীয়ে পুনৰ জাতীয় দলত যোগ দিলে। ভাৰতীয় পেছাদাৰী ফুটবলাৰ হলিচৰণ নাৰ্জাৰীয়ে বুধবাৰে বৰপেটাৰ গীতাঞ্জলি দেউৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২৫ বছৰীয়া সফল ফুটবলাৰগৰাকীয়ে বিবাহ কাৰ্য সম্পন্ন হোৱাৰ এসপ্তাহ পিছত বুধবাৰে পুনৰ ভাৰতীয় দলৰ জাৰ্ছী পিন্ধি নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। সুনীল চেত্ৰী বাহিনীয়ে হলিচৰণক জাতীয় দলত উষ্ম আদৰণি জনায়।

ভাৰতীয় দলৰ উপৰি পেছাদাৰী লীগৰ বাবে চলিত বৰ্ষত পুনৰ আই এছ এলৰ কেৰালা ব্লাষ্টাৰ্ছ দলত চুক্তিবদ্ধ হৈছে হলিচৰণ নাৰ্জাৰী। কোকৰাঝাৰৰ বাতাবাৰী গাঁৱত সম্পূৰ্ণ বড়ো ৰীতি–নীতি অনুযায়ী বিবাহ হয় হলিচৰণ আৰু গীতাঞ্জলিৰ। নৱবিবাহিতা পত্নী গীতাঞ্জলিয়ে ৰাজস্থানৰ উদয়পুৰত চিকিৎসা বিজ্ঞান পঢ়ি আছে। গীতাঞ্জলিৰ ঘৰ বৰপেটাৰ হাউলীত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি