অলিম্পিকৰ এথলেটিকছত প্ৰথমবাৰৰ কাৰণে সোণৰ পদকপ্ৰাপ্তিৰে ভাৰতক মহীয়ান কৰা নীৰজ চোপ্ৰাৰ কৃতিত্বক স্বাগতম জনাইছে দেশৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈকে। নীৰজ চোপ্ৰাই ৮৭.৫৮ মিটাৰ দৈৰ্ঘ্য জেভলিন দলিয়াই সোণৰ পদক জয় কৰিছে। চোপ্ৰাৰ এই সাফল্যক লৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে ঘোষণা কৰিছে পুৰস্কাৰ।
এম এল খাট্টাৰে কয়– 'নীৰজ চোপ্ৰাক আমাৰ নীতি অনুসৰি ৬ কোটি টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি দিয়া হ'ব। আমি পঞ্চকুলাত খেলুৱৈসকলৰ বাবে উৎকৰ্ষ কেন্দ্ৰ এটা নিৰ্মাণ কৰিম, য'ত তেওঁ বিচাৰিলে মুৰব্বী হ'ব পাৰিব। তেওঁক আন খেলুৱৈসকলৰ দৰে ৫০ শতাংশ ৰেহাইৰ সৈতে এটা প্লট দিয়া হ'ব।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|