உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Neeraj Chopra: 'নিজৰ কু-স্বাৰ্থত মোৰ নাম আৰু মোৰ মন্তব্য ব্যৱহাৰ নকৰিব' -অলিম্পিয়ান নীৰজ চোপ্ৰাই কিয় ক'লে এই কথা

    Neeraj Chopra: 'নিজৰ কু-স্বাৰ্থত মোৰ নাম আৰু মোৰ মন্তব্য ব্যৱহাৰ নকৰিব' -অলিম্পিয়ান নীৰজ চোপ্ৰাই কিয় ক'লে এই কথা

    নীৰজৰ জেভলিনপাট দুৰ্ঘটনাক্ৰমে পাকিস্তানী খেলুৱৈ আৰ্শাদৰ হাতত আছিল।

    নীৰজৰ জেভলিনপাট দুৰ্ঘটনাক্ৰমে পাকিস্তানী খেলুৱৈ আৰ্শাদৰ হাতত আছিল।

    নীৰজৰ জেভলিনপাট দুৰ্ঘটনাক্ৰমে পাকিস্তানী খেলুৱৈ আৰ্শাদৰ হাতত আছিল।

    • Share this:

    টকিঅ' অলিম্পিকত ঘটা এটা ঘটনাৰ অপব্যাখ্যাক লৈ সোণৰ পদক বিজয়ী অলিম্পিয়ান নীৰজ চোপ্ৰাই অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে। জেভেলিন থ্ৰ'ৱাৰ নিৰজ চোপ্ৰাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল, য'ত তেওঁক পাকিস্তানৰ খেলুৱৈ আৰ্শাদ নাদিমৰ পৰা এপাট যাঠী লোৱা দেখা গৈছিল।


    এই প্ৰসংগতে শেহতীয়া এক সাক্ষাৎকাৰত নীৰজ চোপ্ৰাই কৈছিল যে তেওঁৰ নিজৰ জেভলিন বিচাৰি পোৱাত পলম হোৱাৰ বাবে খৰখেদাকৈ তেওঁৰ প্ৰথম থ্ৰো দলিয়াব লগা হৈছিল। পিছত দেখা গৈছিল এই জেভলিনপাট দুৰ্ঘটনাক্ৰমে পাকিস্তানী খেলুৱৈ আৰ্শাদৰ হাতত আছিল।


    কিন্তু এই কথাক লৈয়ে ছ'চিয়েল মিডিয়াত পাকিস্তানী জেভলিন থ্ৰ'ৱাৰ আৰ্শাদ বেয়াকৈ ট্ৰ'লৰ সন্মুখীন হয়। কোনোৱে পাকিস্তানী খেলুৱৈজনে ইচ্ছাকৃতভাৱে এনে কৰা বুলি উল্লেখ কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিত পৰ্যন্ত ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছিল যে খেলপথাৰতো এই পাকিস্তানীসকলে তেওঁলোকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰা আঁতৰি নাযায়!


    এনে পৰিপ্ৰেক্ষিতত অলিম্পিয়ান নীৰজ চোপ্ৰাই বৃহস্পতিবাৰে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি ঘটনাটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে– 'মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যে মোৰ মন্তব্যবোৰ আপোনালোকৰ নিজা বেয়া এজেণ্ডা অনুসৰি ব্যৱহাৰ নকৰিব। ক্ৰীড়াই আমাক সকলোকে একেলগে থাকিবলৈ শিকায় আৰু মন্তব্য কৰাৰ আগতে খেলৰ নিয়মবোৰ জনাটো গুৰুত্বপূৰ্ণ।'





    উল্লেখ্য, সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত নীৰজ চোপ্ৰাই কৈছিল– "ফাইনেলৰ আৰম্ভণিতে মই মোৰ যাঠীপাট বিচাৰি পোৱা নাছিলো। হঠাতে, মই পাকিস্তানী খেলুৱৈজনৰ হাতত এয়া দেখো। সেয়ে মই তেওঁক ক'লোঁ- ভাই এই জেভলিনপাট মোৰ, মোক দিয়ক। তেওঁ ততালিকে মোৰ জেভলিন ঘূৰাই দিছিল।' ইয়াৰ পিছতে নীৰজৰ মন্তব্যৰ আলম লৈ পাকিস্তানী খেলুৱৈগৰাকীক তীব্ৰ ভৰ্ৎসনা কৰাত নীৰজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

    Published by:Gautam Barman
    First published: