এক ৰাণত চেন্নাই চুপাৰ কিংছক হৰুৱাই মুম্বাই ইণ্ডিয়ানছৰ আইপিএল দখল

শ্বেন ৱাটছনৰ ৮০ৰাণৰ ইনিংছ অথলে গ’ল।

news18
Updated:May 13, 2019, 12:02 AM IST
এক ৰাণত চেন্নাই চুপাৰ কিংছক হৰুৱাই মুম্বাই ইণ্ডিয়ানছৰ আইপিএল দখল
শ্বেন ৱাটছনৰ ৮০ৰাণৰ ইনিংছ অথলে গ’ল।
news18
Updated: May 13, 2019, 12:02 AM IST
আইপিএল চিজন–১২ৰ ফাইনেলত ভাগ্যই লগ নিদিলে ধোনীৰ চেন্নাই চুপাৰ কিংছক। এক ৰাণত চেন্নাই চুপাৰ কিংছক হৰুৱাই আইপিএলৰ খিতাপ অৰ্জন মুম্বাই ইণ্ডিয়ানছৰ। চতুৰ্থবাৰৰ বাবে আইপিএলৰ খিতাপ দখল কৰিলে মুম্বাইয়ে। শেষৰ বলত চেন্নাইক দুই ৰাণৰ প্ৰয়োজন আছিল কিন্তু মালিংগাই চাৰ্দুল ঠাকুৰক এলবিডব্লিউ আউট কৰাই মুম্বাইক জয়ী কৰোৱায়। মুম্বাই ইণ্ডিয়ানছে চেন্নাইক ১৫০ৰাণৰ লক্ষ্য বান্ধি দিছিল, প্ৰত্যুত্তৰত চেন্নাইয়ে ১৪৮ৰাণত থমকিব লগীয়া হয়।

চেন্নাইৰ হৈ শ্বেন ৱাটছনে সৰ্বাধিক ৮০ৰাণ সংগ্ৰহ কৰে। ডুপ্লেচীয়ে ২৬ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ বুমৰাহে দুটা উইকেট দখল কৰে, কুণাল পাণ্ডেয়া, ৰাহুল চাহৰ আৰু মালিংগাই এটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ হৈ ২৫টা বলত ৪১ৰাণ সংগ্ৰহ কৰে পোলাৰ্ডে। অপেনাৰ ডিককে ২৯ৰাণ কৰাৰ পিছতে চাৰ্দুল ঠাকুৰৰ চিকাৰ হয়। ইয়াৰ পিছৰ অভাৰত ৰোহিত শৰ্মাইও দীপক চাহৰৰ বলত ধোনীৰ হাতত কট আউট হয়। ৰোহিতে ১৫ৰাণ সংগ্ৰহ কৰে। সূৰ্যকুমাৰ যাদৱে ১৫ৰাণ আৰু কুণাল পাণ্ডেয়াই ৭ৰাণত আউট হয়। ইয়াৰ পিছত ইশান কিসানে ২৩ৰাণ কৰি আউট হয়। হাৰ্দিক পাণ্ডেয়াই ১৬ৰাণ কৰি আউট হয়। দীপক চাহৰে ৩, চাৰ্দুল ঠাকুৰে ২ আৰু ইমৰাণ তাহিৰে ২টাকৈ উইকেট লয়।
আৰু চাওক পৰৱৰ্তী বাতৰি