জম্মু–কাশ্মীৰত থকা ক্ৰিকেট খেলিবলৈ আগ্ৰহী যুৱক–যুৱতীৰ বাবে বিনামূলীয়াকৈ এখন ক্ৰিকেট একাডেমী স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ মহেন্দ্ৰ সিং ধোনীয়ে। এই বিষয়ে দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ সৈতে আলোচনা কৰাৰ বাবেও চিন্তা–চৰ্চা কৰিছে ধোনীয়ে।
বৰ্তমান ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লোৱাত ব্যস্ত ধোনী।ভাৰতীয় দলৰ তাৰকা খেলুৱৈগৰাকীয়ে ৩১ জুলাই তাৰিখে শ্ৰীনগৰত ১০৩ নং টেৰিটৰিয়েল আৰ্মী বেটেলিয়ানত যোগ দিছিল ধোনীয়ে। এতিয়া ১৫ আগষ্ট লৈকে ধোনী কাশ্মীৰতে থাকিব। শনিবাৰে মহেন্দ্ৰ সিং ধোনী শ্ৰীনগৰৰ পৰা ১০৩ নং টেৰিটৰিয়েল আৰ্মি বেটেলিয়ানৰ সতীৰ্থ সকলৰ লগত লাডাখ অভিমুখে ৰাওনা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|