বিশ্বকাপৰ পিছতো নিজৰ কেৰিয়াৰ আগবঢ়াই নিব ধোনীয়ে...কিন্তু!

যেতিয়ালৈকে নিজকে ফিট ৰাখিব পাৰিব, তেতিয়ালৈকে দেশৰ হৈ ক্ৰিকেট খেলি যোৱাৰ আশা মহেন্দ্ৰ সিং ধোনীৰ!

News18-Assam
Updated:July 4, 2019, 6:13 PM IST
বিশ্বকাপৰ পিছতো নিজৰ কেৰিয়াৰ আগবঢ়াই নিব ধোনীয়ে...কিন্তু!
যেতিয়ালৈকে নিজকে ফিট ৰাখিব পাৰিব, তেতিয়ালৈকে দেশৰ হৈ ক্ৰিকেট খেলি যোৱাৰ আশা মহেন্দ্ৰ সিং ধোনীৰ!
News18-Assam
Updated: July 4, 2019, 6:13 PM IST
২০১৯ৰ বিশ্বকাপৰ পিছতেই  মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাব বুলি চৰ্চা চলি থকাৰ সময়তে এই সম্পৰ্কত অন্য এক তথ্য পোহৰলৈ আহিছে। ধোনীৰ বিশ্বস্ত সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াই নিজৰ ক্ৰিকেট কেৰিয়াৰ সামৰিব বিচৰা নাই ভাৰতীয় দলৰ মহান খেলুৱৈ তথা, দলৰ সৰ্বকালৰ অন্যতম সৰ্বশ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিচিত মহেন্দ্ৰ সিং ধোনীয়ে। বিচিচিআইৰ এগৰাকী বিষয়াই ধোনীয়ে বিশ্বকাপৰ পিছতে সম্ভৱত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাব বুলি মন্তব্য প্ৰকাশ কৰাৰ  পিছতেই হাহাকাৰ লাগিছিল ধোনীৰ অনুৰাগী সকলৰ মাজত।

কিন্তু সুত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি যেতিয়ালৈকে ধোনীয়ে নিজক ফিট ৰাখিব পাৰিব তেতিয়ালৈকে ক্ৰিকেট খেলি যোৱাৰ ইচ্ছা ধনীৰ। ধোনীয়েও এতিয়াই অৱসৰৰ কথা চিন্তা কৰা নাই। বৰ্তমান বিশ্বকাপত ব্যস্ত থকা ধোনীয়ে এতিয়া প্ৰতিদিনে নিজৰ ফিটনেচ উন্নত কৰিবলৈ এতিয়া কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে।

ভাৰতীয় দলৰ অন্যতম এচেট মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ ললে ব্যাপক ক্ষতিৰ সন্মুখীন হ’ব ভাৰতীয় দল।কাৰণ ধোনীয়ে খেলপথাৰত যিমান খিনি কূটনীতি প্ৰয়োগ কৰিব পাৰে, সেয়া বহু খেলুৱৈৰ বাবে কল্পনাৰো অতীত!

ধোনীয়ে চলিত বিশ্বকাপত ৭খন মেচত ২২৩ ৰান কৰিছে। নিজৰ লেহেমীয়া বেটিঙক লৈ সমালোচনাৰ সন্মুখীনো হৈছে ধোনী। শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীয়েও ধোনীৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি