মৰিছাছৰ তাৰকা ফুটবলাৰ খাছা কামাৰাক চুক্তিবদ্ধ কৰিলে নৰ্থ ইষ্ট ইউনাইটেডে

ফ্ৰান্সত জন্মগ্ৰহণ কৰা খাছা কামাৰা হ’ল মৰিছাছ জাতীয় দলৰ তাৰকা ফুটবলাৰ।
ফ্ৰান্সত জন্মগ্ৰহণ কৰা খাছা কামাৰা হ’ল মৰিছাছ জাতীয় দলৰ তাৰকা ফুটবলাৰ।
- News18 Assam
- Last Updated: September 30, 2020, 6:19 PM IST
২০১৩ চনত মৰিছাছৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটোৱা মিডফিল্ডাৰ খাছা কামাৰাই ২০১৮ চনত আফ্ৰিকান কাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত বুৰ্কিনা ফাছোৰ বিৰুদ্ধে বিজয়সূচক দুটা গ’ল স্কৰ কৰিছিল। বিশ্বৰ বিভিন্ন দেশৰ ক্লাব দলক প্ৰতিনিধিত্ব কৰা কামাৰাই শেহতীয়াভাৱে নৰ্থ ইষ্ট ইউনাইটেড দলত চুক্তিবদ্ধ হোৱাত উৎফুল্লিত হৈছে স্থানীয় ফুটবলপ্ৰেমী।
কামাৰাৰ উপৰি এইবাৰৰ নৰ্থ ইষ্ট দলত এইপৰ্যন্ত চুক্তিবদ্ধ হৈছে উৰুগুৱেৰ ফেডেৰিকো গেলেগো, পৰ্তুগালৰ লুইছ মাছাডো। আনহাতে প্ৰথমবাৰলৈ নৰ্থ ইষ্ট দলে চুক্তিবদ্ধ কৰিছে অসমৰ তিনি গৰাকী ফুটবলাৰ ক্ৰমে নবীন ৰাভা, ৰাকেশ প্ৰধান আৰু দিপু মিৰ্ধাক।