কোন মহিলাক মেছেজ কৰিছিল ক্ৰিকেটাৰ মহম্মদ ছামীয়ে, ছচিয়েল মিডিয়াত মহিলাই দেখুৱালে মেছেজ

ছামীৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছিল যে ছামীৰ আন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছে আৰু সেয়েহে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল।

news18assam
Updated:July 10, 2019, 11:58 AM IST
কোন মহিলাক মেছেজ কৰিছিল ক্ৰিকেটাৰ মহম্মদ ছামীয়ে, ছচিয়েল মিডিয়াত মহিলাই দেখুৱালে মেছেজ
ছামীৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছিল যে ছামীৰ আন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছে আৰু সেয়েহে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল।
news18assam
Updated: July 10, 2019, 11:58 AM IST
ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ ওপৰত এগৰাকী অজ্ঞাত মহিলাই মেছেজ কৰাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে তেওঁৰ মেছেজৰ স্ক্ৰীণশ্বট টুইট কৰি এই অভিযোগ উত্থাপন কৰিছে। এই মহিলাগৰাকীৰ নাম ছফিয়া। ছফিয়াই লিখিছে – ‘কোনোবাই ক’ব পাৰিব নেকি যে ১.৪ মিলিয়ন ফলোৱাৰ থকা এজন ক্ৰিকেটাৰে মোক মেছেজ কিয় পঠিয়াই থাকে।’ কোনো মডেলৰ ফটো সম্বলিত এই টুইটাৰ হেণ্ডেলৰ পৰা দিয়া স্ক্ৰীণশ্বটত মহম্মদ শ্বামীয়ে Good Afternoon মেছেজ কৰা দেখা গৈছে।

চলিত বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে মহম্মদ ছামীয়ে নিজৰ বিধ্বংসী বলিঙেৰে কোটি কোটি ভাৰতীয়ৰ অন্তৰ জয় কৰিছে। অন্তিম অভাৰত মহম্মদ ছামীয়ে হেটট্ৰিক অৰ্জনেৰে ভাৰতক কঠিন মুহূৰ্তৰ পৰা উদ্ধাৰ কৰিছিল। কিন্তু এটা সময়ত ছামীয়ে সমগ্ৰ দেশবাসীৰ ওচৰত শিৰনত হ’বলগীয়া হৈছিল। পত্নী হাছিন জাহানে ছামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ ভাবুকিৰ অভিযোগ উত্থাপন কৰিছিল।



 

ছামীৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছিল যে ছামীৰ আন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছে আৰু সেয়েহে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল। ছামীৰ পৰিয়ালে বিহপান কৰোৱাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল হাছিন জাহানে। কিছুদিন খেলপথাৰৰ বাহিৰত থাকিবলগীয়া হৈছিল যদিও বিচিচিআয়ে সংগ দিছিল ছামীৰ।



এতিয়া অজ্ঞাত মহিলাগৰাকীৰ এই টুইটৰ পিছত আকৌ এবাৰ মহম্মদ ছামীৰ চৰিত্ৰক লৈ প্ৰশ্নৰ উদ্ৰেগ ঘটিছে। অৱশ্যে বহু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে থিয় দিছে ছামীৰ পক্ষত।
আৰু চাওক পৰৱৰ্তী বাতৰি